নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রবল বানত পানীৰ ওপৰত ওপঙি থাকিব ঘৰ

নিয়মীয়া বাৰ্তা, ২ জুলাই:  প্রযুক্তিবিদ, বিজ্ঞানী আৰু গৱেষকসকলৰ অভিনৱ পৰিকল্পনাই বিশ্ববাসীক বিভিন্ন বিপর্যয়ৰ পৰা ৰক্ষা কৰাৰ চেষ্টা চলাই আহিছে প্রতিটো মুহূর্তত৷ অতিমাৰী হওক বা প্রাকৃতিক বিপর্যয়, বিজ্ঞানী–গৱেষকসক সদায় মানুহৰ সন্মুখলৈ বিপর্যয়ৰ মোকাবিলা কৰাৰ ঢ়াল লৈ আহিছে৷ প্রযুক্তি এতিয়া এনে এটা পর্যায়লৈ আহিছে যে ভূমিকম্প, বন্যা বা অন্য কোনো বিপর্যয়ৰ সময়ত ড্রোন আৰু ৰবটৰ সহায়ত বিপর্যস্তসকলক উদ্ধাৰ কৰা সম্ভৱ হৈছে৷ আনকি ভূমিকম্পৰ সময়ত বহু মহলীয়া প্রাসাদক ক্ষতিৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ যন্ত্রও আৱিষ্কাৰ কৰা হৈছে৷

শেহতীয়াকৈ বন্যাৰ পৰা পৰিত্রাণ পাবলৈ আধুনিক প্রযুক্তি ব্যৱহাৰ কৰিছে জাপানৰ এটা সংস্থাই৷ ‘ইচিজো কোমুটেন’ নামৰ গৃহ নির্মাণকাৰী সংস্থাটোৱে মূলতঃ বন্যাপ্রৱণ অঞ্চলৰ বাবে এটা বিশেষ ধৰণৰ ঘৰ নির্মাণ কৰিছে৷ বানৰ সময়ত পানীৰ ওপৰত ওপঙি থাকিব এই ঘৰটো৷ এই ঘৰ জলমগ্ণ অঞ্চলৰ বাবে অতি সুবিধাজনক হ’ব বুলি প্রযুক্তিবিদসকলে ঘোষণা কৰিছে৷ খবৰটো প্রকাশ পোৱাৰ পিছতে বিভিন্নজনৰ মনত সৃষ্টি হৈছে কৌতূহল৷ আমেৰিকাৰ টেলিভিছন চেনেলে লগে লগে সংস্থাটোৰ কর্মীসকলৰ সাক্ষাৎকাৰ গ্রহণ কৰে৷ ঘৰটো কেনেদৰে পানীৰ ওপৰত ওপঙি উঠিব, সেয়াও ভিডি’যোগে দেখুওৱা হৈছে৷ মাটিৰ ওপৰৰ জলস্তৰে নির্দিষ্ট এক উচ্চতা স্পর্শ কৰিলেই লাহে লাহে ঘৰটো ওপৰৰ ফালে ওপঙি উঠিব৷ ঘৰটো মাটিৰ তলত লোহৰ ৰডৰ সাধাৰণ অৱস্থাত বান্ধি ৰখা হ’ব৷

You might also like