নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুধবাৰে মহাৰাষ্ট্ৰত আস্থাভোটঃ মুকলিকৈ সম্প্ৰচাৰ হ’ব ভোটদান

নিয়মীয়া বাৰ্তা,২৬ নৱেম্বৰঃ কাইলৈ অৰ্থাৎ বুধবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ আস্থাভোটৰ নিৰ্দেশ দিলে মহামান্য উচ্চতম ন্যায়ালয়ৰ ৩ জনীয়া বিচাৰপীঠে । ন্যায়ালয়ে এই সন্দৰ্ভত জানিবলৈ দিয়ে যে, আস্থাভোটৰ ক্ষেত্ৰত নাথাকিব কোনো গোপনীয়তা লগতে ব্যৱহাৰ নহ’ব বেলট ভোট । মুকলিকৈ ভোটদানৰ সম্প্ৰচাৰ হ’ব লাগিব বুলি ৰায় দিয়ে ন্যায়াধীশ এনভি ৰামান্না, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ অশোক ভূষণৰ বিচাৰপীঠে ।

বুধবাৰে সন্ধ্যা ৫ বজাত বিধায়ক সকলৰ শপত গ্ৰহণৰ পাচতেই আস্থাভোট সম্পন্ন হ’ব । উল্লেখ্য যে, বিগত শনিবাৰে সকলোকে আচৰিত কৰি বিজেপিৰ নেতৃত্বত মহাৰাষ্ট্ৰত চৰকাৰ গঠন হৈছিল যদিও শিৱসেনা-কংগ্ৰেছ আৰু এনচিপিয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাচতেই মঙলবাৰে এই ৰায় প্ৰদান কৰে ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ।

২৮৮ খন আসনৰ মহাৰাষ্ট্ৰ বিধানসভাত ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰিছে ১০৫ খন আসন । তেনেস্থলত বিজেপিক চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৪০ জন বিধায়কৰ সমৰ্থন । এইক্ষেত্ৰত বুধবাৰে হ’ব লগা আস্থা ভোটেই নিৰ্ণয় কৰিব প্ৰকৃততে মহাৰাষ্ট্ৰ চৰকাৰ গঠন কৰিব কোনে ?

You might also like