নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজ আকাশতে বিমানত সন্তান জন্ম দিলে মহিলাই

নিয়মীয়া বার্তা, ২৮ জানুৱাৰী: মাজ আকাশতে মহিলা যাত্রীৰ প্রসৱ যন্ত্রণা আৰম্ভ হ’ল৷ বিমানতেই সন্তান জন্ম দিলে এই মহিলা যাত্রীগৰাকীয়ে৷ টকি’ৰ পৰা ডুবাইলৈ যাত্রা কৰাৰ পথত বিমানত মহিলাগৰাকীৰ প্রসৱ যন্ত্রণা আৰম্ভ হয়৷ বিমান কর্মীসকলে অতি শীতল মস্তিষ্কৰে পৰিস্থিতি চম্ভালি মহিলাগৰাকীক সন্তান প্রসৱ কৰাৰ ক্ষেত্রত সহায় কৰে৷ এই ঘটনা সত্ত্বেও বিমানখনে সময়মতে বন্দৰত উপস্থিত হয় বুলি উৰণ সংস্থা এমিৰেটছে সংবাদ মাধ্যমক জনাইছে৷ মাতৃ আৰু সন্তানৰ স্বাস্থ্য সুস্থিৰ বুলি সংবাদ মাধ্যমে প্রকাশ কৰে৷

You might also like