নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলিমৰ ধর্মীয় অনুভূতিত আঘাত যোগগুৰু ৰামদেৱৰ!

নিয়মীয়া বাৰ্তা, ৬ফেব্ৰুৱাৰী: মুছলিমৰ ধর্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ উঠিছে যোগগুৰু ৰামদেৱৰ বিৰুদ্ধে৷ ইতিমধ্যে ৰামদেৱৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে বিহাৰৰ এগৰাকী মানৱ অধিকাৰ কর্মী৷ কালি ৰাজস্থানৰ বাৰমেৰত এখন সভাত যোগ দিছিল ৰামদেৱে৷ এই সভাত ইছলাম ধর্মাৱলম্বী লোকসকলে সন্ত্রাস বিয়পোৱাৰ লগতে হিন্দু মহিলাসকলক অপহৰণ কৰা বুলি অভিযোগ কৰে ৰামদেৱে৷ ইছলাম আৰু খ্রীষ্টান ধর্মাৱলম্বী লোকৰ মাজত এনে অপৰাধপ্রৱণতা হিন্দুতকৈ বহু বেছি বুলি ৰামদেৱে মন্তব্য কৰিছিল৷ বিহাৰৰ মুজফফৰপুৰৰ এখন আদালতত ৰামদেৱৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে তামান্না হাচমী নামৰ মানৱ অধিকাৰ কর্মীগৰাকীয়ে৷

You might also like