নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মহিলাৰ কৃতিত্বঃ জাপানত যুদ্ধবিমান উৰুৱালে অৱানিয়ে

নিয়মীয়া বাৰ্তা, ৬ফেব্ৰুৱাৰী: ভাৰতীয় বায়ুসেনাৰ যুদ্ধবিমানৰ প্রথম মহিলা পাইলট অৱানি চতুর্বেদীয়ে জাপানত অনুষ্ঠিত হোৱা ১৬দিনীয়া ৱাৰ গেমত ছুখই–৩০ যুদ্ধবিমান উৰুৱাই নতুন অভিলেখ সৃষ্টি কৰিছে৷ বিশেষকৈ বিদেশত যুদ্ধবিমান উৰুওৱা প্রথমগৰাকী মহিলা পাইলট হিচাপে চতুর্বেদীয়ে বিভিন্ন মহলৰ প্রশংসা আদায় কৰিবলৈ সক্ষম হৈছে৷ জাপান এয়াৰছেলভ ডিফেন্স ফ’চ (জেএএছডিএফ)ৰ সৈতে ভাৰতীয় বায়ুসেনাৰ যৌথ অনুশীলন অনুষ্ঠিত হৈছিল হায়াকুৰী বিমানঘাটিত৷ যোৱা ১২ৰ পৰা ২৬ জানুৱাৰীলৈকে অনুষ্ঠিত এই যৌথ অনুশীলনত চতুর্বেদীয়ে ছুখই–৩০ এমকেআই যুদ্ধবিমান উৰুওৱাৰ সুযোগ লাভ কৰে৷ লক্ষণীয়ভাৱে এনে যৌথ অনুশীলনত অংশগ্রহণ কৰি যুদ্ধবিমান চলাই নিজকে সুখী অনুভৱ কৰা বুলি সংবাদ সংস্থা পিটিআইক জনাইছে অৱানি চতুর্বেদীয়ে৷ বিদেশত গৈ বায়ুসেনাৰ সৈতে ফেৰ মাৰি যুদ্ধবিমান চলাব পৰাটো ভাৰতৰ নাৰীৰ বাবেও গর্বৰ বিষয় হিচাপে চিহ্ণিত হৈছে৷ স্মর্তব্য যে মাত্র কেইদিনমান পূর্বে স্কোৱাড্রন লীডাৰ অৱানি চতুর্বেদীয়ে বায়ুসেনাত যুদ্ধবিমানৰ পাইলট হিচাপে দায়িত্ব লাভ কৰিছিল৷

You might also like