নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগিনী বিচাৰি ‘ডেটিং এপ’ত কোটি টকা হেৰুৱালে ৭৮ বছৰীয়া বৃদ্ধই

নিয়মীয়া বাৰ্তা, ৬ফেব্ৰুৱাৰী: ‘ডেটিং এপ’ৰ প্রতাৰণাৰ বাবে কোটি টকা হেৰুৱাবলগীয়া হ’ল ৭৮ বছৰীয়া এজন বৃদ্ধই৷ এইজন বৃদ্ধই অভিযোগ কৰা অনুসৰি, এপ কর্মীসকলে দাবী কৰা মতে বৃহৎ অংকৰ টকা দিলে যদিও তেওঁ সংগিনী নাপালে৷ উপায়হীন হৈ আৰক্ষীৰ দ্বাৰস্থ হৈছে মহাৰাষ্ট্রৰ বাসিন্দা এই লোকগৰাকী৷ ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে পুনে আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, অভিযোগকাৰী বৃদ্ধ শিৱাজী নগৰৰ বাসিন্দা৷ তেওঁ এটা বেচৰকাৰী সংস্থাৰ মুৰব্বী আছিল৷ পত্নীহীন বৃদ্ধই অনলাইনৰ জৰিয়তে সংগিনী বিচাৰিছিল৷ সেই সূত্রেই এটা ডেটিং এপৰ লিংকত ক্লিক কৰিছিল লোকজনে৷ ইয়াৰ পাছতে অনলাইন ফর্মত বৃদ্ধই নিজৰ সবিশেষ তথ্য দিয়ে৷ লক্ষণীয়ভাৱে এপৰ দুই কর্মী ৰজত সিং আৰু নেহা শর্মাই বৃদ্ধৰ লগত যোগাযোগ কৰি ১ কোটি টকাৰ বেছি ধন সৰকায়৷ এই ধন সংগিনীৰ সৈতে যোগাযোগ কৰাই দিব নোৱাৰিলে ঘূৰাই দিয়া হ’ব বুলি প্রতিশ্রুতি দিছিল যদিও দুয়োগৰাকী কর্মীয়ে বৃদ্ধক প্রতাৰণা কৰে৷ শেহতীয়াকৈ আৰক্ষীয়ে তদন্ত চলাইছে যদিও ডেটিং এপৰ দুই প্রতাৰক কর্মীক চিনাক্ত কৰিব পৰা নাই৷

You might also like