নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২২ বছৰৰ ভিতৰত সর্বাধিক তাপমাত্রা উত্তৰ–পশ্চিম, মধ্য ভাৰতৰ ৰাজ্যত

নিয়মীয়া বাৰ্তা, ১ মেঃ পাৰস্তম্ভ ঊর্ধ্বগামী হৈ প্রচণ্ড তাপপ্রৱাহে দহিছে দেশৰ উত্তৰ–পশ্চিম–মধ্য প্রান্তৰ ৰাজ্যসমূহ৷ মার্চত অভিলেখ সংখ্যক তাপমাত্রাৰ পিছত এপ্রিলতো উল্লিখিত অঞ্চলসমূহত পাৰস্তম্ভ ঊর্ধ্বগামী হৈ আছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, উল্লিখিত অঞ্চলৰ ৯ ৰাজ্যত ১২২ বছৰৰ ভিতৰত এপ্রিল মাহত সর্বাধিক তাপমাত্রা লিপিবদ্ধ কৰা হৈছে৷ হাৰিয়ানা, দিল্লী, ৰাজস্থান, গুজৰাট, মধ্যপ্রদেশ, ছত্তিশগড়, উত্তৰাখণ্ড আদি ৰাজ্যত তাপমাত্রা ৪০ ডিগ্রী চেলছিয়াছ অতিক্রম কৰি ৪৩ৰ পৰা ৪৫ ডিগ্রী চেলছিয়াছ স্পর্শ কৰিছে৷ বতৰ বিজ্ঞান বিভাগৰ মতে, উল্লিখিত ৰাজ্যসমূহৰ তাপপ্রৱাহ শীঘ্রে হ্রাস পোৱাৰ সম্ভাৱনা নাই৷ অনাগত কেইবাদিন ধৰি ৰাজ্যকেইখনত তাপপ্রৱাহে জনজীৱনত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ১৯৭৩, ২০১০, ২০১৬ চনতো এপ্রিল মাহত তাপমাত্রা বৃদ্ধি পাইছিল৷

You might also like