নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৩ৰ অক্টোবৰৰ পৰা গাড়ীত ৬টা এয়াৰবেগ বাধ্যতামূলক

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ গাড়ীত ৬টাকৈ এয়াৰবেগ থকাটো বাধ্যতামূলক হোৱাৰ কথা আছিল ২০২২ চনতে৷ কিন্তু এই সিদ্ধান্ত পিছুৱাই দিয়া হৈছে৷ ২০২৩ৰ অক্টোবৰৰ ভিতৰত দেশৰ সকলো যাত্রীবাহী গাড়ীত অন্ততঃ ৬টা এয়াৰবেগ থকাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে কেন্দ্রীয় পথ আৰু পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আজি উল্লেখ কৰে যে যিমান দামৰ গাড়ীয়েই নহওক কিয় প্রতিগৰাকী যাত্রীৰ নিৰাপত্তা সুনিশ্চিত কৰাই চৰকাৰৰ একমাত্র লক্ষ্য৷ ছ’চিয়েল মিডিয়া টুইটাৰত মন্ত্রী গাডকাৰিয়ে উল্লেখ কৰিছে যে ২০২৩ৰ পহিলা অক্টোবৰৰ পৰা যাত্রীবাহী গাড়ীত অন্ততঃ ৬টা এয়াৰবেগ থকাটো বাধ্যতামূলক কৰা হৈছে৷ স্মর্তব্য যে পূর্বে চলিত বর্ষৰ অক্টোবৰৰ পৰাই এই নিয়ম বলৱৎ কৰা হ’ব বুলি ঘোষণা কৰিছিল মন্ত্রীগৰাকীয়ে৷

You might also like