নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ নেত্রী ছ্যু কীক পুনৰ ৩ বছৰ কাৰাদণ্ডৰ ৰায় আদালতৰ

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ ম্যানমাৰৰ গণতন্ত্রপন্থী আন্দোলনৰ নেত্রী তথা পূর্বৰ চৰকাৰৰ মুৰব্বী আং ছান ছ্যু কীক পুনৰ ৩ বছৰৰ বাবে কাৰাদণ্ডৰ নির্দেশ দিছে দেশখনৰ আদালতে৷ দুর্নীতিৰ পাছত এইবাৰ ৰাষ্ট্রৰ গোপন তথ্য ফাদিল কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে নেত্রীগৰাকীক৷ ছ্যু কীৰ উপৰি নেত্রীগৰাকীৰ প্রাক্তন অর্থনৈতিক উপদেষ্টা ছিয়ান টার্নেলকো ৩ বছৰৰ কাৰাদণ্ডৰ ৰায় শুনাইছে সেনাশাসিত ম্যানমাৰৰ এখন আদালতে৷

You might also like