নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগ্‌চসহ দুজনক আটকঃ নগদ ধন জব্দ

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: ডিব্ৰুগড় চহৰ আৰু ইয়াৰ পাশ্বৱৰ্ত্তী অঞ্চলত এতিয়াও অবৈধ ড্ৰাগ্‌চৰ ৰম্যভূমি হৈ পৰিছে।জানিব পৰা অনুসৰি চহৰখনৰ বহু কেইখন অভিজাত বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীও এই মাৰাত্মক ড্ৰাগ্‌চৰ কবলত পৰিছে।ইয়াৰ মাজতে ডিব্ৰুগড়ৰ সদৰ থানাৰ নগৰ আৰক্ষী বিষয়া প্ৰদীপ বৰাৰ নেতৃত্বত ডিব্ৰুগড় আৰক্ষীয়ে মিলনগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতু দাসৰ সৈতে যুটীয়া অভিযান চলাই চহৰখনৰ বৈৰাগীমঠৰ কছাৰী গাঁওৰ ৰৌশন আলী (৩৮)নামৰ এজন যুৱকক ২১.৬০ গ্ৰাম হেৰ’ইনসহ সন্দেহযুক্ত সামগ্ৰীৰে আটক কৰে।আনহাতেদি গভৰুপথাৰ আৰক্ষী চকীৰ অভিজিৎ দ’লেই চলোৱা আন এক অভিযানত আৰক্ষীয়ে নালিয়াপুলৰ পৰা গ্ৰেহাম বজাৰৰ মহ: নাজিৰ কুৰেশীৰ পুত্ৰ ৱছিৰ কুৰেশী নামৰ এজন ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰি তেওঁৰ ভাড়াঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে ৩ ট্ৰাংক ধপাতৰ লগতে ৩ টা কন্টেইনাৰত ১২ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন ভৰোৱা সৰু প্লাষ্টিকৰ পাত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে ধৃত ব্যক্তি গৰাকীৰ পৰা হেৰ’ইন বুলি সন্দেহ কৰা ধনৰ লগতে নগদ ৫৯৪০ টকাও উদ্ধাৰ কৰে।স্বাভাৱিকতেই ডিব্ৰুগড়ত যে অবৈধ নিষিদ্ধ ড্ৰাগ্‌চৰ ৰম্যভূমিত পৰিণত হৈছে,সেয়া ইয়াৰ দ্বাৰাই প্ৰমাণিত হয় বুলি সৰব চৰ্চা চলিছে৷

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like