নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭২ ঘণ্টাত ১২ উগ্ৰপন্থী নিহতঃ জম্মু-কাশ্মীৰত সেনাৰ বৃহৎ সফলতা

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ যোৱা ৭২ ঘণ্টাত সেনাৰ হাতত কমেও ১২ জন উগ্ৰপন্থী নিহত হৈছে জম্মু আৰু কাশ্মীৰত। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙে দেওবাৰে সংবাদ সংস্থা পিটিআইক জনোৱা অনুসৰি সেনাই জম্মু-কাশ্মীৰৰ চাৰিটা পৃথক অঞ্চলত উগ্ৰপন্থীবিৰেধী অভিযান চলোৱাত কমেও ১২ জন উগ্ৰপন্থী নিহত হৈছে।

শেষৰটো অভিযান কাশ্মীৰৰ বিজবেহেৰা অঞ্চলত সম্পন্ন কৰা বুলি সঞ্চালকপ্ৰধানগৰাকীয়ে উল্লেখ কৰে। বিজবেহেৰাৰ উপৰি ট্ৰাল, শ্বপিয়ান, হৰিপোৰা অঞ্চলত অভিযান অব্যাহত ৰাখে সেনাই।

ট্ৰাল আৰু শ্বপিয়ানত ৭জন, হৰিপোৰাৰ আল বদৰত ৩জন আৰু বিজবেহেৰাত ২জন উগ্ৰপন্থী নিহত হৈছে।

উল্লেখ্য, ইয়াৰ পূৰ্বে শুকুৰবাৰে ভাৰতীয় সেনাৰ হাতত তিনিজন উগ্ৰপন্থীক নিহত হৈছিল। কিন্তু গুলীয়াগুলীত ভাৰতীয় সেনাৰ চাৰিজন জোৱানো আহত হৈছিল।

You might also like