নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰ নির্মাণৰ বাবে অযোধ্যাৰ মুছলমানৰ দান বৰঙণি; তিক্ত স্মৃতি পাহৰি সম্প্রীতিৰ নিদর্শন

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ তিনি দশকজোৰা তিক্ততা পাহৰি ৰাম মন্দিৰ নির্মাণৰ বাবে মুক্তহস্তে দান–বৰঙণি আগবঢ়াইছে অযোধ্যাৰ বহুসংখ্যক মুছলিম নাগৰিকে৷ সম্প্রদায়টোৰ নেতাসকলেও সকলোকে সাধ্য অনুসৰি ৰাম মন্দিৰৰ বাবে দান–বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছে৷ ১৯৯২ চনৰ ৬ ডিচেম্বৰত কৰ সেৱকৰ বিশাল বাহিনীয়ে বাবৰি মছজিদ ধ্বংস কৰাৰ পাছৰে পৰা বহুকেইটা সাম্প্রদায়িক সংঘর্ষ পাৰ হৈ গৈছে৷ উক্ত ঘটনাৰ কেইবামাহ পিছলৈকে দেশৰ বিভিন্ন স্থানত সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈছিল আৰু প্রায় দুহেজাৰ লোকে এই সংঘর্ষত প্রাণ হেৰুৱাব লগা হৈছিল৷ ২০০২ চনত গুজৰাটত সংঘটিত সাম্প্রদায়িক সংঘর্ষতো চৰকাৰী হিচাপ মতে ১,০৪৪জন লোকৰ মৃত্যু ঘটাৰ লগতে আজি পর্যন্ত ২২৩জন লোক সন্ধানহীন হৈ আছে৷ কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ে সুদীর্ঘ বিচাৰৰ অন্তত ৰাম মন্দিৰ নির্মাণৰ সপক্ষে ৰায়দান কৰাৰ পাছত অতীতৰ তিক্ততাপূর্ণ স্মৃতি পাহৰিবলৈ সাজু হৈছে বহু মুছলমানে৷ ৰাম মন্দিৰ নির্মাণৰ বাবে বিশ্ব হিন্দু পৰিষদে আৰম্ভ কৰা পুঁজি সংগ্রহ অভিযানলৈ মুছলমানৰ সঁহাৰিয়েই ইয়াৰ প্রমাণ৷

অযোধ্যাৰ এজন আৰ এছ এছ নেতা অনিল সিঙে কয় যে মন্দিৰ চহৰখনৰ বহুসংখ্যক মুছলমান লোকে ইতিমধ্যে ৰাম মন্দিৰ নির্মাণৰ বাবে অৰিহণা আগবঢ়াইছে৷ আন বহুসংখ্যক মুছলমানে দান–বৰঙণি আগবঢ়াবলৈ আগ্রহ প্রকাশ কৰিছে৷ তেওঁ কয়– ‘আমাৰ মুছলমান ভাইসকলৰ কাষলৈ আমি নিশ্চয় যাম৷ মন্দিৰ নির্মাণৰ বাবে তেওঁলোকে যি বৰঙণি আগবঢ়ায়, তাক শ্রদ্ধাৰে গ্রহণ কৰিম৷’ বৰঙণি আগবঢ়োৱা দুজন আগশাৰীৰ মুছলমান হ’ল– ফৈজাবাদৰ ৱাছি হাইদৰ (১২ হাজাৰ টকা) আৰু শ্বাহ বানু (১১ হাজাৰ টকা)৷ উল্লেখ্য যে বিশ্ব হিন্দু পৰিষদে ৰাম মন্দিৰ নির্মাণৰ পুঁজি সংগ্রহৰ বাবে মুছলমানকে ধৰি সকলো সম্প্রদায়ৰ ৫৫ কোটি নাগৰিকৰ কাষ চাপিব৷ আনহাতে, অযোধ্যা গোচৰৰ সর্বজ্যেষ্ঠ জীৱিত অভিযোগকাৰী ইকবাল আনছাৰিয়ে কয় যে তেওঁ মন্দিৰ নির্মাণৰ বাবে নিশ্চিতভাৱে বৰঙণি আগবঢ়াব৷ কাৰণ মুছলিমসকলে ৰাম মন্দিৰলৈ দান–বৰঙণি আগবঢ়ালে সম্প্রীতিৰ এনাজৰী আৰু কটকটীয়া হ’ব৷ অযোধ্যাৰ এজন ধর্মগুৰু চিৰাজুদ্দিনে কয়– হিন্দু ভাইসকলৰ বিশ্বাসক আমি সন্মান জনাব লাগে৷ এটকা হ’লেও সকলো মুছলমানক ৰাম মন্দিৰলৈ দান আগবঢ়াবলৈ তেওঁ আহ্বান জনায়৷

You might also like