নিউজ ডেস্ক, ৭ ডিচেম্বৰ : গোৱাৰ এটা নাইট ক্লাবত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ অন্ততঃ ২৫জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে। গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত গোৱাৰ আৰপোৰা গাঁৱৰ “বাৰ্চ বাই ৰোমিঅ’ লেন” নামৰ ক্লাবটোত মাজনিশা অগ্নিকাণ্ড সংঘটিত হয়।
গোৱা আৰক্ষীৰ মতে, এই জুইত ৪জন পৰ্যটক আৰু ১৪জন কৰ্মচাৰীৰ মৃত্যু হৈছে, আন ৭জনৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।
“আৰপোৰাত থকা এখন ৰেষ্টুৰেণ্ট কাম ক্লাবত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। নিশা ১২.০৪ বজাত নিয়ন্ত্ৰণ কক্ষলৈ জুই লগাৰ খবৰ আহে আৰু ততালিকে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স পঠিওৱা হয়। পৰৱৰ্তী সময়ত জুই নিয়ন্ত্ৰণলৈ আহে আৰু সকলো মৃতদেহ উদ্ধাৰ কৰা হৈছে”- গোৱাৰ ডি জি পিগৰাকীয়ে এ এন আইক কয়।
মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে গভীৰ নিশা ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰে আৰু ঘটনাৰ ন্যায়িক তদন্তৰ নিৰ্দেশ দিয়ে।
“এই অকল্পনীয় ক্ষতিৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ শোক আৰু আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। মই ঘটনাস্থলী পৰিদৰ্শন কৰিছোঁ আৰু তদন্তৰ নিৰ্দেশ দিছোঁ। তদন্তত জুইৰ প্ৰকৃত কাৰণ আৰু অগ্নি নিৰাপত্তা আৰু নিৰ্মাণ নিয়ম পালন কৰা হৈছিল নে নাই পৰীক্ষা কৰা হ’ব। দোষীসকলক আইনৰ কঠোৰতম শাস্তি বিহা হ’ব”- মুখ্যমন্ত্ৰীয়ে ‘X’ত লিখে।
এই দুৰ্ঘটনাৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰি ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃত প্ৰত্যেকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ অনুদান দিয়া হ’ব।
“গোৱাৰ আৰপোৰাত হোৱা জুই দুৰ্ঘটনা অত্যন্ত দুখজনক। যিসকলে প্ৰিয়জনক হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলে সোনকালে আৰোগ্য লাভ কৰক। মই মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তজীৰ সৈতে কথা পাতিছোঁ। ৰাজ্য চৰকাৰে আক্রান্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে”- প্ৰধানমন্ত্ৰী মোদীয়ে ‘X’ত লিখিছে।