দীপৰ বিলৰ গড়ভগা-ৰাণী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নিৰ্মাণ হ’ব নতুন ৰেলপথ
গুৱাহাটী মহানগৰীৰ মাজেৰে থকা দুই লেনযুক্ত ৰে’ললাইনটোৰ বোজা কম কৰাৰ লক্ষ্যৰে দীপৰ বিলৰ সমীপৰ পৰা ৰাণী আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে সোণাপুৰৰ তেতেলীয়ালৈ ৰাষ্ট্রীয় ঘাইপথত বাইপাছৰ আর্হিত এটা নতুন ৰে’লপথ নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্রীয় ৰে’ল মন্ত্রালয় তথা উত্তৰ–পূব সীমান্ত ৰে’লৱেই৷ ইতিমধ্যে ইয়াৰ প্রাৰম্ভিক কাম–কাজ আৰম্ভ কৰা হৈছে৷
পিছে পৰিৱেশ–প্রকৃতি ধ্বংসকাৰী এনে সিদ্ধান্তক কেন্দ্র কৰি জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ আৰু প্রকৃতিপ্রেমীসকল৷ বিশেষকৈ এইক্ষেত্রত দীপৰ বিলৰ দক্ষিণ পাৰত থকা গাঁওসমূহৰ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কেন্দ্রীয় ৰে’ল মন্ত্রালয়ৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি বিগত কেইটামান দিনত দীপৰ বিলৰ কাষৰীয়া চকৰদৌ অঞ্চলত অনুষ্ঠিত হৈছে কেইবাখনো ৰাজহুৱা সভা৷
প্রস্তাৱিত নতুন ৰে’লপথৰ তীব্র বিৰোধিতা কৰি অঞ্চলটোৰ ৰাইজে কিছুদিন পূর্বে মিলিত হৈ ‘মিকিৰপাৰা চকৰদৌ দীপৰ বিল গণ সুৰক্ষা সমিতি’ গঠন কৰিছে৷ যোৱা ৩১ আগষ্টৰ সন্ধিয়া দীপৰ বিলৰ গাতে লগা মিকিৰপাৰাস্থিত মৃত্তিকা এথেনিক ফুড নামৰ ধাবাখনৰ বাকৰিত সমিতিৰ ডদ্যোগত আয়োজিত এক সভাত কর্মকর্তাসকলে কোনো কাৰণতে ৰে’ল লাইন নির্মাণৰ নামত কোনো থলুৱা লোকক উচ্ছেদ কিম্বা গৃহহীন কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে৷
সমিতিৰ সভাপতি ভূপেন ইংতিয়ে পৰিচালনা কৰা সভাখনৰ আঁত ধৰে সম্পাদক প্রমোদ ৰংপীয়ে৷ সভাত সমিতিৰ কার্যকৰী সভাপতি প্রমোদ কলিতা, উপদেষ্টা হৰেন দাস, মহেশ্বৰ ৰংপী, অখিল ৰংপী, ভৰত ৰাভা, সহকাৰী সম্পাদক গৌতম ৱে আৰু সীমান্ত ৰংপী আদিয়ে কোনো কাৰণতে থলুৱা ভূমিপুত্রক ডচ্ছেদ কৰি চৰকাৰক ৰে’ল লাইন নির্মাণ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে৷
কামৰূপ (মহানগৰ) জিলাৰ আজাৰা ৰাজহ চক্রৰ অন্তর্গত আৰু দীপৰ বিলৰ কাষৰীয়া চকৰদৌৰ কলিতাপাৰা, মিকিৰপাৰা, দেউছটাল, পামহী আদিত বহুতে ১৯৮৯ চনত আজাৰা–কামাখ্যা সংযোগী ৰে’ল লাইন নির্মাণ কৰাৰ সময়ত মাটি–ভেটি এৰিবলগীয়া হৈছিল৷ আনকি দীপৰ বিললৈ বনৰীয়া হাতীৰ অহা–যোৱা সুচল কৰিবৰ বাবে নির্মাণ কৰিবলগীয়া এলিভেটেড কৰিড’ৰৰ বাবে ২০২৩ চনত চলোৱা জৰীপ মতে প্রায় আঠোটা পৰিয়াল ক্রমে ফাগুনী বডো, পদেশ্বৰ দাস, পুতুলী কলিতা, বিজয় হংতি, মাণিক হংতি, প্রদীপ কলিতা, নয়ন হংতি আৰু বিডতি হংতিৰ ঘৰৰ মাটি, ভেটি উছন হ’ব৷
শেহতীয়াকৈ আজাৰা ৰে’ল ষ্টেচনৰ পৰা কিছু নিলগত চকৰদৌৰ পৰা ৰাণী আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নতুন ৰে’লপথ নির্মাণৰ বাবে জৰীপ আৰম্ভ কৰি ৰে’লৰ চিহ্ণযুক্ত পিলাৰ বহুওৱা কাম আৰম্ভ কৰাত বাসিন্দাসকল শংকিত হৈ পৰিছে৷ পৰিৱেশৰ ওপৰত বিৰূপ প্রভাৱ পৰাৰ সমান্তৰালভাৱে ৰে’ললাইনটো নির্মাণ কৰিব লগা হ’লে অঞ্চলটোৰ প্রায় ৪০ৰ পৰা ৫০ শতাংশ বাসিন্দাই পুনৰ ভেটি মাটি হেৰুৱাবলগীয়া হ’ব৷ সহজ অর্থত দীপৰ বিলৰ দাঁতিয়েদি ৰে’ললাইন নির্মাণ বা সম্প্রসাৰণ কৰাৰ নামত আগন্তুক দিনসমূহত বাসিন্দাসকলে ভেটি–মাটি হেৰুৱাই থাকিব লাগিব৷
পূর্বতে দীপৰ বিলৰ দাঁতিয়েদি ৰে’লপথ নির্মাণ কৰাৰ পাছত বিলখনৰ জৈৱ–বৈচিত্র্যত আঘাত কৰা বাবে বিষয়টোত ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণত বিষয়টো বিচাৰাধীন হৈ আছিল৷ ইফালে জৰীপ কাম আৰম্ভ হোৱাৰ পাছত বৃহত্তৰ দীপৰ বিলৰ কাষৰীয়া অঞ্চলসমূহৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠান–প্রতিষ্ঠান ক্রমে মিকিৰপাৰা চকৰদৌ দীপৰ বিল সুৰক্ষা সমিতি, মিকিৰপাৰা চকৰদৌ ৰাহজ গয়ৰহ, নবজ্যোতি সংঘ, দেউছটালৰ ফালৰ পৰা প্রস্তাৱিত নতুন ৰে’ললাইন নির্মাণৰ বিৰোধিতা কৰি পৃথকে পৃথকে অঞ্চলটোৰ ৰাইজৰ স্বাক্ষৰযুক্ত স্মাৰক পত্র ২৮ আগষ্টত ৰে’লৱে ব’ৰ্ডৰ মুখ্য কার্যবাহী বিষয়া আৰু অধ্যক্ষ, উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মহাপ্রবন্ধক, অসম চৰকাৰৰ মুখ্য সচিব, ৰাজহ বিভাগৰ প্রধান সচিব আৰু কামৰূপ জিলাৰ জিলা আয়ুক্তলৈ ই–মেইলযোগে প্রেৰণ কৰিছিল৷
অঞ্চলটোৰ ৰাইজে ১৯৮৯ চনৰ পৰা ৰে’ললাইন নির্মাণ কৰাৰ নামত ২০২৩ চনলৈকে তিনিবাৰ ভূমি প্রদান কৰিছে৷ পুনৰ চৰকাৰক ৰে’ললাইন নির্মাণ কৰাৰ নামত ভূমি দি থাকিলে বহু পৰিয়াল চিৰদিনৰ বাবে ভূমিহীন হৈ পৰিব৷
উল্লেখ্য যে গুৱাহাটীৰ প্রাকৃতিক ভাৰসাম্য ৰক্ষাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা বনৰীয়া হাতীৰ বিচৰণথলী হিচাপে বিশ্ববিখ্যাত ৰাণী আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে অৰণ্য ধবংস কৰি ৰে’ললাইন নির্মাণ কৰিলে কি পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে সেয়া সহজে অনুমেয়৷ গতিকে পাৰিপার্শ্বিকভাৱে অতি স্পর্শকাতৰ এনে অঞ্চলৰ মাজেৰে অৰণ্য ধবংস কৰি নতুনকৈ ৰে’ললাইন নির্মাণ কৰা কার্যক স্থানীয় ৰাহজে কোনোপধ্যে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে৷ লগতে এইক্ষেত্রত চৰকাৰক সোনকালে বিষয়টো পুনৰ বিবেচনা কৰি খিলঞ্জীয়াবিৰোধী, প্রকৃতি ধবংসকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ সমিতিয়ে চৰকাৰক আহ্বান জনাইছে৷
Niyomiya Barta desk, 2 September