নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি পাব পাৰে; উপকৃত হ’ব ১ কোটি কর্মী–পেন্সনাৰ

নিয়মীয়া বাৰ্তা, ৬ফেব্ৰুৱাৰী:  কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলে মোদী চৰকাৰৰ পৰা বিশেষ উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে৷ কেন্দ্রীয় চৰকাৰে কর্মচাৰীসকলৰ মৰগীয়া বানচ (ডি এ) ৪ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ বর্তমান ১ কোটিতকৈ অধিক চৰকাৰী কর্মচাৰী আৰু পেন্সনাৰসকলে ৩৮ শতাংশ মৰগীয়া বানচ লাভ কৰি আছে৷ এই ৪ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰিলে সেয়া ৪২ শতাংশলৈ বৃদ্ধি পাব৷ কনজিউমাৰ প্রাইষ্ট ইনডেস্ক ফৰ ইণ্ডাষ্ট্রিয়েল ৱর্কার্ছ (চিপিআই–আইডব্লিউ)ৰ ওপৰত ভিত্তি কৰি কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু পেন্সনাৰসকলৰ ডি এৰ বিষয়টো যুগুতোৱাই উলিওৱা হৈছে৷

উল্লেখনীয় যে লেবাৰ ব্যুৰ’ৰ তৰফৰ পৰা প্রতিমাহে চিপিআই–আইডব্লিউৰ ওপৰত ভিত্তি কৰি ডি এৰ হাৰ যুগুতোৱা হয়৷ লেবাৰ ব্যুৰ’ হৈছে শ্রম মন্ত্রালয়ৰ এক শাখা৷ আজি সংবাদ সংস্থা পি টি আইক অল ইণ্ডিয়া ৰে’লৱেমেন ফেডাৰেচনৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্রই জনোৱা অনুসৰি ২০২২ৰ ডিচেম্বৰত চিপিআই–আইডব্লিউ প্রতিবেদন চলিত বর্ষৰ ৩১ জানুৱাৰীত প্রকাশ পাইছে৷ এই চিপিআই–আইডব্লিউ অনুসৰি কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী তথা পেন্সনাৰসকলৰ মৰগীয়া বানচ বৃদ্ধি পাইছে ৪.২৩ শতাংশ৷ কিন্তু চৰকাৰে ডি এ বৃদ্ধিৰ ক্ষেত্রত দশমিকৰ পিছৰ সংখ্যাক গুৰুত্ব নিদিয়ে৷ গতিকে ডি এ বৃদ্ধি পাব ৪ শতাংশ হাৰত৷

You might also like