নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮২ বছৰত মহাকাশ যাত্রাৰ স্বপ্ন সফল হ’ল ফাংকৰ

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ ৮২ বছৰ বয়সত মহাকাশত উৰণেৰে অভিলেখ গঢ়িছে আমেৰিকাৰ মহিলা ৱালী ফাংকে৷ কালি আমাজ’নৰ প্রতিষ্ঠাতা ধন কুবেৰ জেফ বেজ’ছৰ সৈতে মহাকাশলৈ উৰা মাৰিছিল ফাংকে৷ তেওঁলোকৰ সৈতে আছিল জেফৰ ভাতৃ মার্ক বেজ’ছ আৰু ১৮ বছৰীয়া এজন ছাত্র৷ এই উৰণৰ পিছতে সংবাদ মাধ্যমক ফাংকে জনাইছে যে মহাকাশ যাত্রাৰ স্বপ্ণ কোনো দিনে সফল হ’ব বুলি ভবা নাছিল তেওঁ৷ বিগত ৬ দশক ধৰি মহাকাশ যাত্রাৰ স্বপ্ণ মনতে পুহি ৰাখিছিল মহিলাগৰাকীয়ে৷ ১৯৬০ৰ দশকত এগৰাকী মহাকাশচাৰী হোৱাৰ বাবে প্রশিক্ষণ লৈছিল তেওঁ৷ কিন্তু মহিলা হোৱাৰ বাবেই বাৰে বাৰে তেওঁক মহাকাশ যাত্রাৰ কার্যসূচীৰ পৰা বাদ দিয়া হৈছিল৷

শেহতীয়াকৈ বেজ’ছৰ কোম্পানী ব্লু অৰিজিনে নির্মাণ কৰা নিউ ছেফার্ড যানেৰে মহাকাশলৈ উৰা মাৰি দীর্ঘদিনীয়া সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে ফাংকে৷ উল্লেখনীয় যে পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ ওপৰলৈ কালি উৰা মাৰিছিল যানখনে৷ ১৯৩৯ চনত নিউ মেক্সিকোত জন্মগ্রহণ কৰা ৱালি ফাংকে শৈশৱৰ পৰা উৰণৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল৷ ৯ বছৰ বয়সতে উৰণ সম্পর্কীয় প্রথমটো পাঠ গ্রহণ কৰিছিল মহিলাগৰাকীয়ে৷

লক্ষণীয়ভাৱে পৰৱর্তী সময়ত ১৯,৬০০ ঘণ্টা বিমান উৰুৱাইছিল ফাংকে৷ অকল সেয়াই নহয়, তিনি সহস্রাধিক লোকক তেওঁ উৰণৰ শিক্ষাও প্রদান কৰিছিল৷ ২১ বছৰ বয়সতে ১৯৬১ চনত ‘উইমেন ইন স্পেচ’ শীর্ষক কার্যসূচীত কঠোৰ শাৰীৰিক তথা মানসিক পৰীক্ষা দিবলগীয়া হৈছিল ফাংকে৷ এই পৰীক্ষাত সফল হৈ ফাংকে এগৰাকী নভোচৰ হ’ব বিচাৰিছিল৷ কিন্তু সফল হোৱাৰ পিছতো সেই সময়ত ফাংকক নভোচৰ হোৱাৰ সুযোগ দিয়া নহ’ল৷ পৰৱর্তী সময়ত মহিলাক মহাকাশলৈ প্রেৰণৰ সিদ্ধান্ত নাছাই গ্রহণ কৰে যদিও ৱালি ফাংকৰ বয়সৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল৷

You might also like