নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IIT Roorkee ৰ ৮৮ গৰাকী শিক্ষাৰ্থীৰ দেহত ক’ৰোনা

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ উত্তৰাখণ্ডৰ হৰিদ্বাৰস্থিত আই.আই.টি. ৰুৰকীৰ প্ৰায় ৮৮ গৰাকী শিক্ষাৰ্থী ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে৷

উল্লেখ্য যে আই.আই.টি চৌহদৰ ভিতৰত থকা গংগা হোষ্টেলখনক অস্থায়ী ভাৱে ‘কোভিড কেয়াৰ চেন্টাৰ’লৈ ৰূপান্তৰিত কৰি আটাইকেইগৰাকী শিক্ষাৰ্থীক সেই স্থানত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷

ইপিনে প্ৰতিষ্ঠানটোৰ প্ৰায় পাঁচটা হোষ্টেল বন্ধ ৰখা হৈছে যদিও অনলাইন পাঠদানত কোনো ব্যাঘাত হোৱা জন্মা নায়৷ লগতে প্ৰতিষ্ঠানটোৱে ৰাজ্য চৰকাৰৰ সকলো কোভিড-১৯ ৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰি আছে৷

You might also like