নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ আনিয়াঙত গৃহবন্দী কেইবালাখো লোক

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ অমিক্রন মহামাৰীয়ে সংহাৰ সৃষ্টি কৰাৰ পিছত দ্বিতীয়খন চহৰত সম্পূর্ণ লকডাউন ঘোষণা কৰিছে চীনে৷ দেশখনৰ হেনান প্রদেশৰ ঝিয়ান চহৰত লকডাউন জাৰি কৰাৰ পিছত এইবাৰ আনিয়াং চহৰত জাৰি কৰা হৈছে লকডাউন৷ স্মর্তব্য যে ক’ভিড প্রতিৰোধৰ ক্ষেত্রত অতি কঠোৰ লকডাউন জাৰি কৰা বিশ্বৰ প্রথমখন দেশ হিচাপে চিহ্ণিত হৈছে চীন৷ হেনানত কেইবাখনো চহৰত ইতিমধ্যে ক’ভিড মহামাৰীয়ে সংহাৰ সৃষ্টি কৰিছে৷ স্মর্তব্য যে প্রথমটো জোৱাৰৰ সময়ত চীনে ক’ভিড মহামাৰী প্রতিৰোধৰ ক্ষেত্রত অতি কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল৷ এইবাৰ তাতকৈও কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে বেইজিং প্রশাসনে৷ আনকি লাখ লাখ লোকক এই লকডাউনৰ সময়ত গৃহবন্দী হ’বলৈ বাধ্য কৰাইছে দেশখনে৷ ইয়াৰ ফলত অত্যাৱশ্যকীয় সামগ্রী লাভ কৰাৰ ক্ষেত্রত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বাসিন্দাসকলে৷ আনিয়াঙত ঝিয়াঙৰ দৰে অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

You might also like