নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মকৰ সংক্রান্তিত হৰিদ্বাৰত গংগাস্নান নিষিদ্ধ

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ ক’ভিড মহামাৰীৰ পৰিৱর্তিত প্রকৰণ অমিক্রনৰ সংক্রমণে বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো সংহাৰ সৃষ্টি কৰিবলৈ লোৱা বাবেই এইবাৰ মকৰ সংক্রান্তিত হৰিদ্বাৰত নিষিদ্ধ কৰা হৈছে গংগাস্নান৷ হৰিদ্বাৰ জিলা প্রশাসনে মকৰ সংক্রান্তি উপলক্ষে গংগা নদীত পৱিত্র স্নান কৰাৰ ক্ষেত্রত এইবাৰ সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ অকল সেয়াই নহয়, ১৪ জানুৱাৰীত হৰিদ্বাৰত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইনো জাৰি কৰিছে৷ হৰিদ্বাৰৰ জিলা দণ্ডাধীশ বিনয় শংকৰ পাণ্ডে মকৰ সংক্রান্তিৰ পৱিত্র স্নানৰ পৰা যাতে ক’ভিডৰ সংক্রমণ ঘটিব নোৱাৰে সেই বিষয়টোত বিশেষ গুৰুত্ব প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে বিভিন্ন সময়ত ধর্মীয় সমাৱেশৰ পৰাই দেশত ক’ভিড মহামাৰীয়ে দ্রুত সংক্রমণ ঘটাইছিল৷ গতিকে এইবাৰ মকৰ সংক্রান্তিত কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷

You might also like