নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগান মহিলা আৰক্ষীৰ ওপৰত চলা যৌন নির্যাতনৰ তদন্ত দাবী

নিয়মীয়া বাৰ্তা ৮ জুনঃ আফগান মহিলা আৰক্ষীৰ ওপৰত হোৱা যৌন আতিশয্যৰ অভিযোগ সন্দর্ভত শীঘ্রে তদন্ত হ’ব লাগে বুলি দাবী জনাইছে আমেৰিকা আৰু ইউৰোপীয় সংঘ (ই ইউ)ই৷ লক্ষণীয়ভাৱে সংবাদ সংস্থা বিবিচিয়ে চলোৱা তদন্তত বহু আফগান মহিলা আৰক্ষী বিষয়া সতীর্থৰ যৌন আতিশয্যৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে৷ কিন্তু এই যৌন আতিশয্যৰ ঘটনা সন্দর্ভত জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ অস্বীকাৰ কৰি আহিছে মহিলা আৰক্ষী বিষয়াসকলে৷ ইয়াৰ মূল কাৰণ হৈছে অভিযোগ দাখিল কৰিলেই মহিলা আৰক্ষী বিষয়াসকলৰ ওপৰত নজিৰবিহীন মানসিক তথা শাৰীৰিক নির্যাতন চলিব৷ আফগানিস্তানত থকা আমেৰিকান কূটনীতিক ৰছ উইলছনে দাবী কৰিছে যে শীঘ্রে দোষী আৰক্ষী বিষয়াক শাস্তি প্রদান কৰাৰ ক্ষেত্রত আফগান চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগে৷ অনুৰূপ দাবী উত্থাপন কৰিছে ইউৰোপীয় সংঘৰ সদস্য দেশবোৰে৷

You might also like