নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ জন্মনিয়ন্ত্রণ নীতিৰে ঝিনজিয়াঙত উইঘোৰক নিঃশেষ কৰিব চীনে

জার্মান গৱেষক আদ্রিয়ান জেনজৰ সমীক্ষাৰ তথ্য

নিয়মীয়া বাৰ্তা ৮ জুনঃ চীনৰ জন্মনিয়ন্ত্রণ নীতিয়ে ঝিনজিয়াং প্রদেশত থকা উইঘোৰ মুছলমান সম্প্রদায়ৰ জনসংখ্যা আগন্তুক ২০ বছৰত অভাৱনীয়ভাৱে হ্রাস কৰিব পাৰে৷ জার্মান গৱেষক এগৰাকীয়ে শেহতীয়া বিশ্লেষণত এই তথ্য সদৰী কৰিছে৷ বিশ্লেষণত প্রকাশ পোৱা অনুসৰি ঝিনজিয়াং অঞ্চলত দুটা দশকৰ ভিতৰত উইঘোৰ মুছলমানৰ জনসংখ্যা ২.৬ নিযুতৰ পৰা ৪.৫ নিযুতলৈ হ্রাস পাব পাৰে৷ পাশ্চাত্যৰ দেশসমূহে সঘনে অভিযোগ কৰি আহিছে যে চীনৰ ঝিনজিয়াং প্রদেশত বেইজিং প্রশাসনে গণহত্যা চলাই আছে৷ উইঘোৰ মুছলমানৰ বিৰুদ্ধে অকল শাৰীৰিক আতিশয্যই নহয়, জন্মনিয়ন্ত্রণৰ কঠোৰ নীতিৰে বেইজিং প্রশাসনে সম্প্রদায়টোক নিশ্চিহ্ণ কৰাৰ আঁচনি লোৱা বুলি দাবী কৰিছে আদ্রিয়ান জেনজ নামৰ জার্মান গৱেষকগৰাকীয়ে৷

You might also like