নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটনাৰ পুখুৰীত ২০০০ বছৰ পুৰণি ইটাৰ বেৰ

নিয়মীয়া বাৰ্তা,৫ জুনঃ বিহাৰৰ ৰাজধানী পাটনাৰ সমীপৰ কুমৰাহৰ অঞ্চলৰ এটা পুখুৰী পুনৰ নির্মাণ কৰিবলৈ খনন আৰম্ভ কৰাৰ সময়তে ২০০০ বছৰ পুৰণি ইটাৰ বেৰৰ সন্ধান লাভ কৰিছে ভাৰতীয় প্রত্নতাত্ত্বিক জৰীপে৷

এ এছ আইৰ পাটনা কেন্দ্রৰ অধীক্ষক প্রত্নতত্ত্ববিদ গৌতম ভট্টাচার্যই প্রকাশ কৰা মতে, পাটনা ৰে’লৱে ষ্টেচনৰ পূবে ৬ কিলোমিটাৰ নিলগত কুমৰাহাৰ অঞ্চলত এটা পুখুৰী খান্দোতে ইটাৰ বেৰ আৱিষ্কাৰ হয়৷ কেন্দ্রীয় চৰকাৰৰ অমৃত সৰোৱৰ অভিযানৰ অংশ হিচাপে পুখুৰীটো নতুনকৈ নির্মাণ কৰাৰ বাবে পাটনা কেন্দ্রই খনন আৰম্ভ কৰোঁতে ইটাৰ বেৰ প্রত্যক্ষ কৰে৷ খননকার্য আগবঢ়াই নিয়াত পুখুৰীটোত শাৰী শাৰী ইটাৰ বেৰ আৱিষ্কাৰ হয়৷

প্রত্নতত্ত্ববিদগৰা প্রকাশ কৰা মতে, এই ইটাৰ বেৰ মৌর্য সাম্রাজ্যৰ সময়ৰ, কিয়নো ইয়াৰ পূর্বে খননত এনেধৰণৰ পুৰণি ইটাৰ বেৰ আৱিষ্কাৰ হৈছিল৷ লক্ষণীয় যে আৱিষ্কাৰ হোৱা ইটাৰবোৰ কুশান যুগৰ৷ ভাৰতৰ উত্তৰ প্রান্তৰ অধিকাংশ অঞ্চল সম্প্রতি আফগানিস্তানৰ অধীনত আছে৷ পাটনাত আৱিষ্কাৰ হোৱা এই ইটাৰ বেৰৰ অধিক গৱেষণাৰ বাবে ইতিমধ্যে নতুন দিল্লীস্থিত এ এছ আইৰ মুখ্য কার্যালয়ক অৱগত কৰা হৈছে বুলি পাটনা কেন্দ্রৰ অধীক্ষকগৰাকীয়ে প্রকাশ কৰিছে৷

শীঘ্রেই দিল্লীৰ পৰা জ্যেষ্ঠ বিষয়াসকল ইটাৰ বেৰ আৱিষ্কাৰ হোৱা পুখুৰী পৰিদর্শন কৰিব আৰু এই ইটাৰ বেৰ সন্দর্ভত পুংখানুপুংখ অধ্যয়ন চলাব৷

You might also like