নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাত এ এছ এল ক্লাবৰ বিহুৰে মুখৰ অসম ভৱন প্ৰাংগণ

বিশেষ বাৰ্তা, ১৫ এপ্ৰিল : কলকাতাত  ১ ব’হাগত অসম ভৱনৰ বাকৰিত এ এছ এল ক্লাবৰ উদ্যোগত চেনেহৰ ৰঙালী বিহুটি উলহ-মালহেৰে উদযাপন কৰা হয়। বিহুৰ পতাকা উত্তোলন কৰে অসম ভৱনৰ আৱাসিক আয়ুক্ত তাপস দেৱে । প্ৰীতিৰ পতাকা উত্তোলনৰ লগে লগে ‘শ্ৰীময়ী অসমীৰ’ গীতেৰে আলোড়িত হৈ পৰে অসম ভৱনৰ প্ৰাংগণ । বিহুমঞ্চ মুকলি কৰে অসম ভৱনৰ যুটীয়া আৱাসিক সচিব মিৰাণ্ডা দাসে । দাসে তেওঁৰ বক্তব্যত প্ৰতি বছৰে এইদৰে প্ৰথম ব’হাগৰ দিনটোত ৰঙালীৰ ৰঙেৰে প্ৰবাসী অসমীয়াক একতাৰ ডোলেৰে বান্ধি ৰখাৰ এ এছ এল ক্লাবৰ এই প্ৰচেষ্টা দৰ্শনীয় হৈ ৰ’ব বুলি মন্তব্য কৰে। ইয়াৰ পিছতেই নমিতা ফুকনৰ পৰিচালনাত ক্লাবৰ প্ৰতীকী সংগীত সমৱেত কন্ঠত বাজি উঠে। বিহু অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে বিহুতলীৰ সৌষ্ঠৱ বঢ়াই অসমৰ সুজীয়ৰী কৰ্ণেল গাৰ্গী প্ৰিয়দৰ্শিনী শইকীয়াই । কৰ্ণেল গাৰ্গী প্ৰীয়দৰ্শিণী শইকীয়াক সম্বৰ্ধনা জনায় অৱসৰপ্ৰাপ্ত কৰ্ণেল কমল দুৱৰাই। কৰ্ণেল দুৱৰাই তেওঁৰ সাতামপুৰুষীয়া শৰাই এখন তাহানিৰ অসমীয়াৰ সাহিত্য তথা কৃষ্টি-সংস্কৃতিৰ মিলনভূমি এ এছ এল ক্লাবলৈ বৰঙণি ৰূপে আগবঢ়ায়। ক্লাবৰ এনাজৰী আৰু গামখাৰু দলৰ সৌজন্যত শতৰূপা গোস্বামী, আয়ুশী চৌধুৰী, উৰ্বিশা হাজৰিকা, ৰিংকু দলে, হিমাদ্ৰী বৰা আৰু বন্দনা চৌধুৰীৰ নৃত্য প্ৰদৰ্শনেৰে সমৱেত দৰ্শকক মোহিত কৰে । নতুন প্ৰজন্মৰ কলকাতাৰ চিনাকি কন্ঠ নিশান্ত গৌতমৰ গীতৰ শৰাই, প্ৰিয়ালিম ফুকনৰ একক বিহুনৃত্য আৰু ৰাণী ৰাভা ভট্টাচাৰ্যৰ গোৱালপাৰীয়া লোকগীতেৰে ৰজনজনাই উঠে অসম ভৱন চৌহদ। অনুষ্ঠানৰ শেষত মুকলি বিহুত সমূহ অসমীয়া ৰাইজে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ আঁত ধৰে চন্দন ফুকনে ৷ সমূহ অংশগ্ৰহণকাৰীসকলক তথা সমূহ অসমীয়া সমাজলৈ শলাগৰ শৰাই আগবঢ়ায় দীপক গগৈয়ে।

You might also like