নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেইৰুটৰ সাহায্যৰ বাবে বিশ্ব নেতৃত্বৰ সন্মিলনঃ শিহৰণকাৰী ধ্বংসলীলাত হতচকিত আন্তর্জাতিক সম্প্রদায়

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ লেবাননৰ ৰাজধানী বেইৰুটৰ বন্দৰ অঞ্চলত এম’নিয়াম নাইট্রেটৰ গুদামত সংঘটিত বিস্ফোৰণে সমগ্র চহৰখনত নজিৰবিহীন ধ্বংসলীলা সৃষ্টি কৰাৰ পাছত দেশখনক সহায়ৰ বাবে বিশ্ব নেতৃত্বই আজি অনুষ্ঠিত কৰিছে ভার্চুৱেল সন্মিলন৷ ৫ দিন পূর্বে বিধ্বংসী বিস্ফোৰণত বেইৰুটৰ বিস্তীর্ণ অঞ্চল ধূলিত পৰিণত হৈছিল৷ ফ্রান্স আৰু ৰাষ্ট্রসংঘৰ উদ্যোগত এই ভার্চুৱেল সন্মিলন অনুষ্ঠিত কৰা হয়৷ এই সন্মিলনত ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্রনে লেবাননক তাৎক্ষণিকভাৱে সাহায্য আগবঢ়াবলৈ বিশ্ব নেতৃত্বক অনুৰোধ জনাইছে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পেও পৃথিৱীক হতচকিত কৰা এই বিস্ফোৰণ আৰু বেইৰুটৰ ধ্বংসলীলা সন্দর্ভত আন্তর্জাতিক নেতৃত্বক সম্বোধি তাৎক্ষণিক মানৱীয় সাহায্য প্রদানৰ আহ্বান জনায়৷ স্মর্তব্য যে বিস্ফোৰণত বেইৰুটত ক্ষতি হৈছে ১,৫০০ কোটি ডলাৰ মূল্যৰ সম্পদ৷ বিস্ফোৰণৰ ফলত ১৫৮গৰাকী লোক নিহত হোৱাৰ উপৰি ৫ সহস্রাধিক গুৰুতৰভাৱে আহত হৈছে৷ ইফালে বহু বাসগৃহ ধ্বংস হৈছে ৰাজধানী চহৰখনত৷ বিস্ফোৰণস্থলীৰ পৰা কেইবাশ মিটাৰ দূৰলৈ বাসগৃহবোৰ ধ্বংস হোৱাৰ ফলত তিনি লক্ষাধিক লোক গৃহহীন হৈ পৰিছে বেইৰুটত৷ স্মর্তব্য যে এই ভয়াৱহ সংকটৰ সময়ত চৰকাৰৰ গাফিলতিক জগৰীয়া কৰি কালি কেইবাহাজাৰো মানুহে ৰাজপথত সংগঠিত কৰে প্রতিবাদ৷ আৰক্ষীয়ে প্রতিবাদকাৰীক চত্রভংগ দিয়াবলৈ ব্যৱহাৰ কৰিবলগীয়া হয় কন্দুৱা গেছ আৰু পানী হিলৈ৷

You might also like