নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বব্রহ্মাণ্ডৰ এলিয়েনৰ সৈতে ভৱিষ্যতে সম্পর্ক স্থাপন হ’ব পৃথিৱীবাসীৰ

নিয়মীয়া বাৰ্তা ১০ জুলাইঃ এই বিশ্বব্রহ্মাণ্ডত মানুহ অকলশৰীয়া নহয়৷ বিশ্বব্রহ্মাণ্ডত আছে ইউ এফ অ’ বা এলিয়েন৷ পূর্বৰে পৰা এলিয়েন সন্দর্ভত বিভিন্ন বিতর্কৰ সৃষ্টি হৈছে যদিও প্রাক্তন নভোচৰ তথা নাছাৰ বিজ্ঞানী বিল নেলছনে উল্লেখ কৰিছে যে বিশ্বব্রহ্মাণ্ডত অকল মানুহেই সভ্য জীৱ নহয়৷ মানুহতকৈ হাজাৰগুণ বুদ্ধিমান জীৱ এই বিশ্বব্রহ্মাণ্ডত আছে৷ অদূৰ ভৱিষ্যতে এই বুদ্ধিমান জীৱ নাইবা এলিয়েনৰ সৈতে পৃথিৱীবাসীৰ সম্পর্ক স্থাপন হ’ব বুলিও নেলছনে উল্লেখ কৰিছে৷

লক্ষণীয়ভাৱে মার্কিন প্রতিৰক্ষা দপ্তৰ পেণ্টাগনে বিশ্বব্রহ্মাণ্ডত এলিয়েনৰ উপস্থিতিৰ সম্ভাৱনা নাই বুলি এক প্রতিবেদনত উল্লেখ কৰাৰ মাত্র কেইদিনমান পিছতে নেলছনে এলিয়েন সন্দর্ভত আশা প্রকাশ কৰিছে৷ অৱশ্যে, পেণ্টাগনে এলিয়েনৰ উপস্থিতিক অস্বীকাৰ কৰিছে যদিও বিশ্বব্রহ্মাণ্ডত অন্য জীৱ থকাৰ সম্ভাৱনীয়তাৰ কথা স্বীকাৰ কৰি লৈছে৷ নাছাৰ মুৰব্বী নেলছনে এক টেলিভিছন চেনেলত উল্লেখ কৰিছে যে বিশ্বব্রহ্মাণ্ডৰ অসীম পৰিধিৰ মাজৰ কোনোবা নহয় কোনোবা এটা কোণত মানুহসদৃশ প্রাণী আছে৷ নাছাই এই বিষয়টোৰ ওপৰত নজৰ ৰাখি অহা বুলিও দাবী কৰিছে নেলছনে৷

You might also like