নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি সংসদত ২০২১–২২ চনৰ কেন্দ্রীয় বাজেট দাখিল কৰিলে। Budget 2021- 2022 ত ক’ভিড ভেকচিনক লৈ ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে। টিকাৰ বাবে আবণ্টন কৰা হ’ল ৩৫ হাজাৰ কোটি টকা। আৰু দুটা ভেকচিন মুকলিৰ পথত আছে ভাৰতত। স্বাস্থ্যৰ বাবে মুঠ আৱণ্টন হ’ল ৫৪ হাজাৰ কোটি টকা। অৰ্থাৎ স্বাস্থ্য খণ্ডত ১৩৭ শতাংশ বৃদ্ধি পাইছে। আহি থকা ৬ বছৰত ব্যৱহাৰ হ’ব এই টকা। এই টকাই ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰিব। ফলস্বৰূপে, ১৭ হাজাৰ গাঁও আৰু চহৰত থকা কেইবাটাও স্বাস্থ্য প্ৰতিষ্ঠান পুনৰুদ্ধাৰ কৰা হ’ব। যাৰ অধীনত ৬০২ খন জিলা উপকৃত হ’ব।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে বাজেটৰ স্বাস্থ্য সম্পৰ্কিত ভাষণৰ সময়ত কয় যে এই বাজেটত, স্বাস্থ্যত বিনিয়োগ যথেষ্ট বৃদ্ধি পাইছে। লগতে এইবাৰৰ বাজেটত ৰোগ প্ৰতিৰোধ, মিৰাময় আৰু সুস্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। এই বাজেটৰ অধীনত, ১৭ টা নতুন জনস্বাস্থ্য গোটে তেওঁলোকৰ কাম আৰম্ভ কৰিব। ১৫ টা জৰুৰীকালীন ইউনিট গঠন কৰা হ’ব। আমাৰ পুষ্টি প্ৰদান কৰাৰ প্ৰকল্পটো ১১২ খন জিলাত একত্ৰিত কৰা হ’ব।