নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থার্ড ৱেভ: পুনৰ বিশ্বজুৰি ক’ৰোনাৰ ভয়াৱহ সংক্রমণ

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ থার্ড ৱেভ৷ সংহাৰী ক’ৰোনা সংক্রমণৰ তৃতীয়টো স্তৰে পুনৰ কম্পিত কৰি তুলিছে সমগ্র বিশ্ব৷ যোৱা বর্ষৰ নৱেম্বৰ মাহত চীনৰ ৱুহান চহৰৰ পৰা সংক্রমিত হোৱা ক’ৰোনা ভাইৰাছে চলিত বছৰটোত স্তব্ধ কৰি ৰাখিলে সমগ্র বিশ্ব৷ শেহতীয়াকৈ যোৱা জুলাই মাহৰ পৰা বিশ্বৰ বিভিন্ন ৰাষ্ট্রত ক’ৰোনা সংক্রমণ হ্রাস পোৱাৰ পাছত এতিয়া বিভিন্ন ৰাষ্ট্রত পুনৰ বৃদ্ধি পাইছে ক’ভিড–১৯ৰ প্রকোপ৷

হপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি ক’ৰোনা ভাইৰাছৰ এইটো তৃতীয় সংক্রমণ অথবা থার্ড ৱেভ বুলি অভিহিত কৰা হৈছে৷ ভাৰতীয় তথ্য মতে, যোৱা ২৪ ঘণ্টাত আমেৰিকা যুক্তৰাষ্ট্রত ২,০৮১জন লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ দেশখনৰ লছ এঞ্জেলছমহানগৰীতে ২৪ ঘণ্টাত ৫১জন লোকৰ ক’ভিড–১৯ত মৃত্যু ঘটিছে৷ যোৱা ৯ ছেপ্ঢেম্বৰৰ পাছত এই সংখ্যা সর্বাধিক বুলি প্রকাশ পাইছে৷

আনহাতে, জার্মানীত যোৱা ২৪ ঘণ্টাত ১,০৭২জন লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ দেশখনত আজিৰে পৰা অহা ২০ ডিচেম্বৰলৈ লকডাউন ঘোষণা কৰা হৈছে৷ এই সময়ছোৱাত দেশখনৰ হোটেল–ৰেষ্টুৰেণ্ট, অৱসৰ বিনোদন কেন্দ্র, ষ্টেডিয়াম, জিম আদি সম্পূর্ণভাৱে বন্ধ ৰখাৰ নির্দেশ জাৰি কৰিছে৷ আনহাতে, ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত এই সপ্তাহৰ শেষৰ পৰা তিনিটা পর্যায়ত ফ্রান্সতো লকডাউন ঘোষণা কৰিছে দেশখনৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনে৷ ইতিমধ্যেই ফ্রান্সত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷

শেহতীয়াকৈ ক’ৰোনাৰ সংক্রমণ হ্রাস পোৱা ৰাছিয়াতো পুনৰ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে আক্রান্ত লোকৰ সংখ্যা৷ যোৱা ২৪ ঘণ্টাত দেশখনত ২৩,৬৭৫জন ক’ৰোনা পজিটিভ লোক চিনাক্ত হোৱাৰ বিপৰীতে ২৪জনৰ মৃত্যু হৈছে ক’ভিড–১৯ত৷ মস্কো মহানগৰীতে আক্রান্ত হৈছে ৪,৬৮৫জন লোক৷ আনহাতে, ইৰানত যোৱা ২৪ ঘণ্টাত ১৩,৮৪৩জন লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে ৪ শতাধিক লোকৰ মৃত্যু ঘটিছে৷ সম্পূর্ণৰূপে ক’ৰোনামুক্ত হোৱা জাপানতো পুনৰ আৰম্ভ হৈছে ক’ৰোনাৰ সংক্রমণ৷ যোৱা ২৪ ঘণ্টাত দেশখনত ১,২২৮জন লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১২জন লোকৰ৷ ইতিমধ্যে জাপান চৰকাৰে গ’ টু ট্রেভেল শীর্ষক চৰকাৰী কার্যসূচী বাতিল কৰিছে ক’ৰোনা সংক্রমণৰ পৰিপ্রেক্ষিতত দেশখনৰ ওছাকাত ২১০, হোকাইডোত ২১৬ আৰু টকি’ মহানগৰীতে ১৮৫জন লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ যোৱা ২৪ ঘণ্টাত জাপানত ক’ভিড–১৯ত ১২জন লোকৰ মৃত্যু ঘটিছে৷ আনহাতে, থার্ড ৱেভত ইণ্ডোনেছিয়াত নতুনকৈ যোৱা ২৪ ঘণ্টাত ক’ৰোনাৰ সংক্রমণ হৈছে ৫,৫৩৪জন লোকৰ শৰীৰলৈ৷ আনকি বিগত সময়ত নিয়ন্ত্রিত হৈ থকা আফ্রিকাতো এইবাৰ আৰম্ভ হৈছে ক’ৰোনাৰ সংক্রমণ৷ জাম্বিয়াত যোৱা সপ্তাহত নতুনকৈ ক’ৰোনাৰ সংক্রমণৰ তথ্য ধৰা পৰিছে৷

উল্লেখ্য যে এই দেশসমূহত যোৱা আগষ্ট আৰু ছেপ্ঢেম্বৰ মাহত ক’ৰোনাৰ সংক্রমণ প্রায় নিয়ন্ত্রিত হৈছিল যদিও এই কালান্তক মহামাৰীৰ তৃতীয়টো সংক্রমণে এতিয়া সমগ্র বিশ্ববাসীকে আতংকিত কৰি তুলিছে৷ বিশ্বৰ আন দেশসমূহৰ লগতে ভাৰততো পুনৰ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্রমণ৷ নতুন দিল্লীত যোৱা সপ্তাহত (১৫ৰ পৰা ২২ নৱেম্বৰ) পুনৰ সংক্রমিত হৈছে ৪৪,৪৫৮গৰাকী লোক৷ এই সপ্তাহটোত দিল্লীত ৭৭৭জন লোকৰ ক’ভিড–১৯ত মৃত্যু ঘটিছে৷ তাৰ পূর্বৰ সপ্তাহত দিল্লীত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৬২৫জন৷ উল্লেখ্য যে প্রায় নিয়ন্ত্রণলৈ অহা দিল্লীত যোৱা ১১ অক্টোবৰৰ পৰা ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে ক’ৰোনা সংক্রমণ৷ একেদৰে কেৰালাতো বৃদ্ধি পাইছে এই সংক্রমণ৷ যোৱা সপ্তাহত ৰাজ্যখনত ৩৭,৬৯৭জন লোকৰ দেহত ক’ৰোনাৰ উপস্থিতি ধৰা পৰিছে৷ আনহাতে, মধ্যপ্রদেশত যোৱা সপ্তাহত সর্বাধিক ৩৯ শতাংশ ক’ৰোনা সংক্রমণ বৃদ্ধি হৈছে৷ ৰাজ্যখনত সপ্তাহটোত সংক্রমণৰ সংখ্যা ৬,৫৬৮ৰ পৰা ৯,১১৭লৈ বৃদ্ধি হৈছে৷ একেদৰে ছত্তিশগড়ত ৩৪ শতাংশ আৰু ৰাজস্থানত ২৫ শতাংশ ক’ৰোনাৰ সংক্রমণ বৃদ্ধি হৈছে যোৱা সপ্তাহত৷

আনহাতে, মহাৰাষ্ট্রত যোৱা সপ্তাহত ৩২,৯৬৬জন লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে ৬৪৯জন লোকৰ মৃত্যু হৈছে৷ তাৰ পূর্বৰ সপ্তাহত ৰাজ্যখনত সংক্রমিত লোকৰ সংখ্যা আছিল ২৭,৩৮৪জন৷ ওড়িশাত নতুনকৈ ৭৩০জন লোক ক’ৰোনা পজিটিভ চিনাক্ত হৈছে যোৱা ২৪ ঘণ্টাত৷ ৰাজ্যখনত মৃত্যু হৈছে ১৬জনৰ৷ একেদৰে পঞ্জাব, গুজৰাট, হিমাচল প্রদেশ আদি ৰাজ্যতো আৰম্ভ হৈছে ক’ৰোনাৰ থার্ড ৱেভ৷ হিমাচল প্রদেশ চৰকাৰে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ পুনৰ ৩১ ডিচেম্বৰলৈ বন্ধ ঘোষণা কৰাৰ লগতে নৈশ সান্ধ্য আইন জাৰি কৰিছে ৰাজ্যখনত৷ একেদৰে মধ্যপ্রদেশৰ ভূপাল, গোৱালিয়ৰ, ইন্দোৰ, জবলপুৰ, গুজৰাটৰ আহমেদাবাদ, চুৰাট, ৰাজকোট, বদোডাগা আদি চহৰত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে৷ ওড়িশাৰ মন্দিৰ–মছজিদকে ধৰি উপাসনাস্থলীসমূহ পুনৰ বন্ধ ঘোষণা কৰা হৈছে৷

উল্লেখ্য যে ভাৰতত ইতিমধ্যেই ৯২,২২,২১৬জন লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে এইপর্যন্ত ১,৩৪,৬৯৯জন লোক ক’ভিড–১৯ৰ ফলত মৃত্যুমুখত পৰিছে৷ ক’ৰোনা ভাইৰাছৰ ভেক্চিন উপলব্ধ নোহোৱা পর্যন্ত এই ভাইৰাছৰ সক্রমণে বিশ্বজুৰি তাণ্ডৱ অব্যাহত ৰাখিব বুলি নিশ্চিত হৈ পৰিছে৷

You might also like