নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ভেকচিন ক’ভাক্সিনক অনুমোদন জনালে আমেৰিকাই

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ:  ভাৰত বায়’টেকৰ দ্বাৰা প্রস্তুত কৰা ক’ভিড–১৯ প্রতিৰোধী ভেকচিন ক’ভাক্সিনক বিশ্ব স্বাস্থ্য সংস্থা (হু)ই অনুমোদন জনোৱাৰ পাছত এইবাৰ আমেৰিকায়ো এইক্ষেত্রত সেউজ সংকেত প্রদান কৰিছে৷ অর্থাৎ ভাৰতত যিসকল লোকে ক’ভাক্সিন ভেকচিন লৈছে তেওঁলোকে কোনোধৰণৰ বাধা অবিহনে আমেৰিকা ভ্রমণ কৰিব পাৰিব৷ এই নতুন নিয়ম কার্যকৰী হ’ব আগন্তুক ৮ নৱেম্বৰৰ পৰা৷ অর্থাৎ ৮ নৱেম্বৰৰ পৰা ক’ভাক্সিন ভেকচিন লোৱা বিদেশী লোকসকলক আমেৰিকা ভ্রমণৰ অনুমতি প্রদান কৰিছে হোৱাইট হাউছ প্রশাসনে৷ ইয়াৰ ফলত আমেৰিকাত গৈ ক’ভাক্সিন ভেকচিন লোৱা লোকসকলে আইছ’লেচনত থকাৰ পৰা ৰেহাই পাব৷ স্মর্তব্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমতিৰ পূর্বে অষ্ট্রেলিয়াই ভাৰতৰ এই ভেকচিনবিধক অনুমোদন জনাইছিল৷

You might also like