নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উভতি আহিল ক’ভিডসৃষ্ট ভয়ংকৰ দিনবোৰঃ বাৰাণসীত গংগাৰ পাৰত শাৰী শাৰী চিতা

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ মহামাৰী ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশৰ কেইবাখনো ৰাজ্যত অবর্ণনীয় পৰিস্থিতি সৃষ্টি কৰিছে৷ প্রতিদিনে আক্রান্তৰ সংখ্যাই অবাঞ্ছিত অভিলেখ গঢ়াত চিকিৎসালয়ত ৰোগী ৰাখিবলৈ ঠাইৰ অভাৱ হোৱাৰ সমান্তৰালভাৱে মৃতদেহৰ বাবে মর্গত নোহোৱা হৈছে স্থান৷ এনে এক নির্মম বাস্তৱো জনসাধাৰণে প্রত্যক্ষ কৰিবলগীয়া হৈছে যে ক’ভিড আক্রান্তৰ মৃতদেহ সৎকাৰ কৰিবলৈ শ্মশানত নাই চিতা–কবৰস্থানত অভাৱ ঠাইৰ৷ এনে দ্রুতগতিত মাৰাত্মক ভাইৰাছৰ সংক্রমণ অব্যাহত থাকিলে হয়তো ইয়াতকৈও ভয়াৱহ পৰিস্থিতি সৃষ্টি হ’ব৷

আজিৰ তাৰিখত প্রধানতঃ মহাৰাষ্ট্র, ছত্তিশগড়, দিল্লী, উত্তৰ প্রদেশ, গুজৰাট, কর্ণাটক, মধ্যপ্রদেশ আৰু পঞ্জাবত অতি দ্রুতগতিত ক’ৰোনা আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত ৰাজ্যকেইখনৰ পৰিস্থিতি জটিল হৈ পৰিছে৷ বাৰাণসীৰ গংগাৰ পাৰৰ শ্মশান ঘাটসমূহত সাধাৰণতে প্রতিদিনে গড়ে ১৫টাকৈ মৃতদেহৰ সৎকাৰ কৰা হয়৷ পিছে ক’ৰোনাৰ সংক্রমণ ভয়ংকৰ হাৰত বৃদ্ধিৰ পাছতেই বাৰাণসীৰ হৰিশ্চন্দ্র ঘাট, মণিকর্ণিকা ঘাটকে ধৰি শ্মশানসমূহলৈ ১০ গুণ বেছি মৃতদেহ সৎকাৰৰ বাবে অনা হৈছে৷ অকল মৃতদেহসমূহ এনেদৰে ৰখাই থোৱাই নহয়, আত্মীয়ৰ ভিৰত যোৱা কেইদিন বাৰাণসীৰ প্রতিখন শ্মশানতেই অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে৷ এক কথাত ক’বলৈ গ’লে প্রতিদিনে এনেদৰে সৎকাৰৰ বাবে মৃতদেহ অনাত বাৰাণসীৰ শ্মশানসমূহত এতিয়া অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ কাৰণে চিতাৰ অভাৱ ঘটিছে৷ যাৰ বাবে অস্থায়ীভাৱে শাৰী শাৰীকৈ পতা চিতাত সৎকাৰ কৰিবলগীয়া হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোকসভাত প্রতিনিধিত্ব কৰা বাৰাণসী সংসদীয় সমষ্টিৰ শ্মশানসমূহত সৎকাৰৰ কাৰণে চিতাৰ অভাৱ ঘটাত অৱলম্বন কৰিবলগীয়া হৈছে এনেধৰণৰ পন্থা৷

গংগাৰ পাৰৰ হৰিশ্চন্দ্র ঘাট শ্মশানৰ একাংশ কর্মচাৰীয়ে জানিবলৈ দিয়া মতে, সাধাৰণতে দৈনিক গড়ে ১৫টাকৈ মৃতদেহ সৎকাৰ কৰা হয় যদিও যোৱা শুকুৰবাৰে নিশা ১২৫টা আৰু যোৱা শনিবাৰে ১২৭টা মৃতদেহ শ্মশানখনলৈ অনা হৈছিল৷ শ্মশানখনত দুখন বৈদ্যুতিক আৰু তিনিখন কাঠৰ চিতা আছে৷ কিন্তু এইদৰে মাত্রাধিক হাৰত মৃতদেহ অনাত অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে৷ একেই অৱস্থা মণিকর্ণিকা ঘাট শ্মশানতো৷ এই শ্মশানত বৈদ্যুতিক চিতাত মৃতদেহ সৎকাৰৰ বাবে আত্মীয়–স্বজনে কমেও ডেৰ ঘণ্টা আৰু কাঠৰ চিতাত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিবলৈ ৫ ঘণ্টা পর্যন্ত অপেক্ষা কৰিবলগীয়া হৈছে৷

উল্লেখ্য যে বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যাই আন এক অবাঞ্ছিত অভিলেখ গঢ়িছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি পুৱা সদৰী কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ২,৬১,৫০০জন লোকৰ দেহত ক’ভিড–১৯ সংক্রমিত হৈছে৷ বিগত ডেৰ বছৰত একেলগে ইমান লোক প্রাণঘাতী ভাইৰাছত আক্রান্ত হোৱা নাছিল৷ সংক্রমণৰ এই নতুন অভিলেখৰ লগে লগে ভাৰতত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পালে ১,৪৭,৮৮,১০৯জনলৈ৷ ইফালে, যোৱা ৯ মার্চত দেশত ক’ৰোনাত আক্রান্ত হৈ দৈনিক মৃতকৰ সংখ্যা ৭৭ ঘৰলৈ নামি আহিছে৷ ইয়াৰ পাছত ডেৰ মাহতকৈও কম সময়ৰ ভিতৰত মৃতকৰ সংখ্যা যোৱা ২৪ ঘণ্টাত সর্বাধিক হ’লগৈ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ১,৫০১জন ক’ৰোনা আক্রান্তৰ মৃত্যু হৈছে৷ ইয়াৰ লগে লগে দেশত মৃতকৰ সংখ্যা বৃদ্ধি পালে ১,৭৭,১৫০জনলৈ৷ সংক্রমণৰ হিচাপত সমগ্র বিশ্বৰ ভিতৰতে সম্প্রতি আমেৰিকাৰ পাছতেই স্থান হৈছে ভাৰতৰ৷ ব্রাজিল ইতিমধ্যে তৃতীয় স্থানলৈ অৱনমিত হৈছে৷ মৃতকৰ ক্ষেত্রত বিশ্বৰ ভিতৰত ভাৰত আছে চতুর্থ স্থানত৷
ক’ৰোনা পৰিস্থিতি পর্যালোচনা প্রধানমন্ত্রীৰ
সমগ্র দেশৰ ক’ৰোনা পৰিস্থিতি পর্যালোচনা কৰাৰ বাবে শনিবাৰে নিশা কেন্দ্রীয় চৰকাৰৰ অধীনস্থ বিভিন্ন মন্ত্রালয়ৰ শীর্ষ বিষয়াবর্গৰে বৈঠকত মিলিত হৈছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ইয়াৰ পাছত আজি প্রধানমন্ত্রী মোদীয়ে নিজ সমষ্টি বাৰাণসীৰ ক’ৰোনা পৰিস্থিতি পর্যালোচনা কৰে৷ আজি পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত ভার্চুৱেল বৈঠকযোগে প্রধানমন্ত্রী মোদীয়ে স্থানীয় নেতৃস্থানীয় ব্যক্তি, প্রশাসনিক বিষয়া আৰু চিকিৎসকসকলৰ সৈতে দীর্ঘসময় আলোচনাত মিলিত হয়৷ বাৰাণসীত ক’ৰোনাৰ সংক্রমণ নিয়ন্ত্রণলৈ অনাৰ হকে ক’ভিড বিধি কঠোৰভাৱে বলৱতৰ ওপৰত তেওঁ গুৰুত্ব প্রদান কৰে৷ ইয়াৰ লগতে অক্সিজেন সৰবৰাহ আৰু চিকিৎসালয়ত বিছনাৰ সংখ্যা বৃদ্ধিৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে ৪৫ বছৰ ঊর্ধ্বৰ প্রতিজন ব্যক্তিৰ টিকাকৰণ দ্রুতভাৱে সম্পন্ন কৰাৰ নির্দেশ দিয়ে৷ তদুপৰি তেওঁ তিনিটা টি– ট্রেকিং, টেষ্টিং আৰু ট্রেছিঙৰ ওপৰতো গুৰুত্ব প্রদান কৰে৷
দিল্লীত আই চি ইউৰ মাত্র ১০০খন বিছনা খালীঃ মোদীলৈ পত্র কেজৰিৱালৰ
দিল্লীৰ চিকিৎসালয়ত এতিয়া আই চি ইউৰ মাত্র ১০০খন বিছনাহে খালী আছে৷ ক’ভিড–১৯ৰ দ্রুত সংক্রমণে দেশৰ ৰাজধানীত সূচনা কৰা এনে ভয়ংকৰ পৰিস্থিতিৰ প্রতিচ্ছবি দাঙি ধৰিলে খোদ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে৷ আনকি এই দুর্যোগপূর্ণ পৰিস্থিতিত কেন্দ্রীয় চৰকাৰৰ পৰা সাহায্য বিচাৰি মুখ্যমন্ত্রী কেজৰিৱালে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এখন পত্রও প্রেৰণ কৰিছে৷ তদুপৰি আজি পুৱাৰ ভাগত দিল্লীৰ মুখ্যমন্ত্রীজনে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে বার্তালাপো কৰে৷
পশ্চিমবংগত নির্বাচনী প্রচাৰ বাতিল ৰাহুল গান্ধীৰ
বর্ধিত ক’ৰোনা সংক্রমণৰ প্রতি লক্ষ্য ৰাখি পশ্চিমবংগত নির্বাচনী প্রচাৰ বাতিল কৰিছে প্রাক্তন কংগ্রেছ সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে৷ আজি টুইটযোগে এই কথা তেওঁ সদৰী কৰে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি অন্তিম তিনিটা পর্যায়ৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি গান্ধীয়ে কমেও চাৰিখনকৈ বিশাল জনসভাত অংশ লোৱাৰ কথা আছিল৷ কিন্তু ক’ৰোনাৰ যাতে সংক্রমণ নঘটে, তাৰ প্রতি লক্ষ্য ৰাখিয়েই তেওঁ এই নির্বাচনী প্রচাৰ বাতিল কৰে৷ নিজে এনে সিদ্ধান্ত গ্রহণ কৰাৰ উপৰি অন্যান্য ৰাজনৈতিক দলসমূহক পশ্চিমবংগত নির্বাচনী প্রচাৰৰ পৰা বিৰত থাকিবলৈ গান্ধীয়ে অনুৰোধ জনাইছে৷

You might also like