নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ৯ দিনত ২,১৮৮গৰাকী ক’ভিডত আক্রান্ত

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৱে দেশজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যত ভয়াৱহ ৰূপত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ বিশেষকৈ গুৱাহাটী মহানগৰীত ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ভয়াৱহ ৰূপত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মহানগৰবাসীৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰাজ্যৰ ভিতৰতে ক’ৰোনাৰ দ্বিতীয় জোৱাৰত গুৱাহাটী মহানগৰীত সর্বাধিক লোক আক্রান্ত হৈছে৷ বিগত ৯টা দিনত গুৱাহাটী মহানগৰীত সর্বমুঠ ২,১৮৮গৰাকী লোক আক্রান্ত হৈছে৷ যোৱা ১০ এপ্রিলত গুৱাহাটী মহানগৰীত ক’ভিড–১৯ত আক্রান্ত হয় ১৪৫গৰাকী৷ একেদৰে, ১১ এপ্রিলত ১৮৬গৰাকী, ১২ এপ্রিলত ১৯৩গৰাকী, ১৩ এপ্রিলত ২৪৯, ১৪ এপ্রিলত ২০১, ১৫ এপ্রিলত ২৫৫, ১৬ এপ্রিলত ২৪৫, ১৭ এপ্রিলত ৩৬০ আৰু ১৮ এপ্রিলত ৩৫৪ গৰাকী ক’ৰোনাত আক্রান্ত হয়৷

ক’ৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্য চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি গুৱাহাটীৰ বিভিন্ন স্থানত ৰঙালী বিহু উদ্যাপন কৰিছে বিহু সমিতিসমূহে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ পৰা মহানগৰবাসীক ৰক্ষা কৰাৰ বাবে চৰকাৰী নীতি–নির্দেশনা অনুসৰি মহানগৰ জিলা প্রশাসন, স্বাস্থ্য বিভাগে গুৱাহাটী ৰে’ল ষ্টেচন, বৰঝাৰ বিমানবন্দৰত যাত্রীৰ ক’ভিড টেষ্ট বাধ্যতামূলক কৰিছে৷ ইয়াৰ উপৰি ধাৰাবাহিকভাৱে ক’ভিড–১৯ৰ প্রতিষেধক ছিটা প্রদানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷ শেহতীয়াকৈ মহানগৰ জিলা প্রশাসনে কালি এটা নির্দেশযোগে শিক্ষা বৃত্তিৰ লগত জড়িত শিক্ষক–শিক্ষয়িত্রী তথা আন আন কর্মচাৰীসকলৰ বাবে কাইলৈৰ পৰা ক’ভিড প্রতিষেধক ছিটা প্রদানৰ ব্যৱস্থা কৰিছে৷

মহানগৰীৰ হাতীগাঁও হাইস্কুল, কামৰূপ একাডেমী, নতুন ফটাশিল হাইস্কুল আৰু পাণ্ডু আদর্শ হাইস্কুলত ক’ভিড প্রতিষেধক ছিটা ল’বলৈ জিলা প্রশাসনে শিক্ষক–শিক্ষয়িত্রী আৰু কর্মচাৰীসকলক আহ্বান জনাইছে৷ আনহাতে, ৰাজ্য চৰকাৰৰ নির্দেশ অনুসৰি কামৰূপ মহানগৰ জিলা প্রশাসনে মহানগৰীৰ পাঁচটা ৰাজহ চক্র বিষয়াৰ কার্যালয়ক সামৰি টাস্ক ফ’চ গঠনৰ নির্দেশ জাৰি কৰিছে৷ এই নির্দেশনা অনুসৰি গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই গুৱাহাটী আৰু দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ অধীনত দুটাকৈ টাস্ক ফ’চ গঠন কৰি দিছে৷ ক’ভিডৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে কালাপাহাৰ ক’ভিড হাস্পতাল, মহেন্দ্র মোহন চৌধুৰী হাস্পতালক ক’ভিড হাস্পতাল হিচাপে ঘোষণা কৰিছে৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে ক’ভিড প্রট’কল মানি চলিবলৈ স্বাস্থ্য বিভাগ আৰু মহানগৰ জিলা প্রশাসনে সকলোকে আহ্বান জনাইছে৷

You might also like