নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত পুনৰ হ’ব পাৰে লকডাউন, কেজৰিৱালে কৰিলে সদৰী

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ দিল্লীত ক’ৰোনাক্ৰান্তৰ সংখ্যা বাঢ়ি আছে প্ৰতিদিনে । ইয়াৰ বাবে দিল্লী চৰকাৰে বিবাহৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা এক নীতি পুনৰ উঠাই লৈছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি কয় যে ২০০জন লোকক বিবাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ যি অনুমতি দিয়া হৈছিল সেয়া প্ৰত্যাহাৰ কৰা হৈছে। এতিয়া বিবাহ অনুষ্ঠানত মাত্ৰ ৫০জন লোকহে অংশগ্ৰহণ কৰিব পাৰে।

ইয়াৰ উপৰি, দিল্লীৰ সৰু সৰু অঞ্চলত হ’ব পাৰে লকডাউন। কেজৰিৱাল চৰকাৰে এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰলৈ এটা প্ৰস্তাৱো প্ৰেৰণ কৰিছে। অৰবিন্দ কেজৰিৱালে কয় যে বহু লোকে মাস্ক নিপিন্ধাকৈ ঘূৰা-পকা কৰি আছে যদিও যোৱা ২৪ ঘণ্টাত দিল্লীত ৯৯ জন লোকৰ মৃত্যু হৈছে, যিটো মহাৰাষ্ট্ৰতকৈ অধিক। উল্লেখ্য, বৰ্তমানলৈকে আটাইতকৈ বেছি আক্ৰান্ত ৰাজ্য দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, কেৰালাত ক’ৰোনাৰ নতুন আক্ৰমণ ঘটিবলৈ ধৰিছে।

You might also like