ভূতাত্ত্বিক বিভাগৰ এক জৰীপে বিহাৰৰ ভাগ্য সলনি কৰিব পৰা এক তথ্য প্রকাশ কৰিছে৷ এই অনুসৰি ভাৰতৰ সোণৰ মানচিত্রত বিহাৰত সর্ববৃহৎ সোণৰ খনিৰ সন্ধানৰ কথা উল্লেখ কৰিছে৷
বিহাৰৰ জামুই জিলাত চলোৱা এক জৰীপত দেশৰ মুঠ স্বর্ণভাণ্ডাৰত ৪৪ শতাংশ সোণ থকা বুলি অনুমান কৰা হৈছে৷ দেশৰ ২২২.৮৮ মিলিয়ন টন স্বর্ণশিলৰ ভিতৰত জামুই জিলাত থকা সোণৰ পৰিমাণ প্রায় ৩৭.৬ টন৷ ইতিমধ্যে ৰাজ্যৰ খনি আৰু ভূ–তত্ত্ব বিভাগে জামুই জিলাত অন্বেষণৰ অনুমতি প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
অতিৰিক্ত সচিব তথা খনি আয়ুক্ত হৰজৌৎ কৌৰ বামৰাহে কয়– জিএছআই আৰু ৰাষ্ট্রীয় খনিজ উন্নয়ন নিগমৰ দৰে কেন্দ্রীয় সংস্থাৰ সৈতে শীঘ্রেই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব৷ জামুই জিলাৰ কর্মটিয়া, ঝাঝা আৰু সোণো অঞ্চলত প্রাৰম্ভিক পর্যায়ৰ অন্বেষণ আৰম্ভ হ’ব৷ ২০২২ চনত প্রথমে সোণৰ খনিৰ কথা পোহৰলৈ আহিছিল যদিও এতিয়ালৈকে খনন হোৱা নাই৷ বর্তমানেও সমগ্র পৰিকল্পনা আলোচনা পর্যায়তে আছে৷ শেহতীয়াকৈ কেন্দ্রীয় খনি মন্ত্রী প্রহ্লাদ যোশীয়ে সংসদৰ প্রশ্ণোত্তৰত ভাৰতৰ মুঠ প্রাথমিক সোণ অক্সাইডৰ আধা ভাণ্ডাৰ ৫০১.৮৩ মিলিয়ন টন বুলি সদৰী কৰিছিল৷ দেশৰ সোণৰ মানচিত্রত কর্ণাটক শীর্ষত আছিল৷ কর্ণাটকৰ সোণ হুট্টি আৰু কোলাৰ খনিৰ পৰা ৯৯ শতাংশ সোণ উৎপাদন হয়৷
বিহাৰৰ বৃহৎ স্বর্ণ ভাণ্ডাৰৰ পিছতে বর্তমান সর্বাধিক সোণ মজুতৰ দ্বিতীয় স্থানত আছে ৰাজস্থান৷ ইয়াৰ পিছতে কর্ণাটক, পশ্চিমবংগ, অন্ধ্রপ্রদেশ আৰু ঝাৰখণ্ডত সোণৰ খনি আছে৷ অর্থনীতিবিদৰ মতেও জামুইৰ এই সোণৰ খনিটো বিহাৰৰ বাবে গেমচেঞ্জাৰ৷ সঠিক অন্বেষণ আৰু খননে ৰাজ্যখনৰ ঔদ্যোগিক বিকাশ, নিয়োগ আৰু ৰাজহ বৃদ্ধিৰ এক নতুন যুগৰ সূচনা কৰাৰ সম্ভাৱনা আছে৷ দীর্ঘদিন ধৰি দৰিদ্রতা আৰু প্রব্রজিতৰ সমস্যাই জুৰুলা কৰা বিহাৰৰ বাবে এয়া আশাৰ ৰেঙনি৷
ডিজিটেল ডেস্ক, ২৭ অক্টোবৰ