নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালী মন্দিৰত চোৰৰ চাফাই অভিযান, সোণ-ৰূপৰ আ-অলংকাৰ

চোৰে মন্দিৰত প্ৰৱেশ কৰি প্ৰায় তিনি লাখ টকাৰ সোণ-ৰূপৰ আ-অলংকাৰ লুটি নিয়ে। আজি পুৱা মন্দিৰ খোলাৰ পাছতে ভক্তিপ্ৰাণ লোক হতভম্ব হৈ পৰে

কোকৰাঝাৰত মন্দিৰত বৃহৎ চুৰিকাণ্ড, চোৰে লুটি নিলে লাখ লাখ টকাৰ আ-অলংকাৰ

কোকৰাঝাৰ চহৰত পুনৰ সংঘটিত হ’ল এক চুৰিকাণ্ড। চহৰৰ পাথৰঘাটস্থিত কালী মাৰ মন্দিৰত কালি নিশা চোৰে সংঘটিত কৰে বৃহৎ চুৰি।

সূত্র মতে, চোৰে মন্দিৰত প্ৰৱেশ কৰি প্ৰায় তিনি লাখ টকাৰ সোণ-ৰূপৰ আ-অলংকাৰ লুটি নিয়ে। আজি পুৱা মন্দিৰ খোলাৰ পাছতে ভক্তিপ্ৰাণ লোক হতভম্ব হৈ পৰে।

ঘটনাৰ খবৰ পোৱাৰ পাছত কোকৰাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মন্দিৰ পৰিচালনা সমিতিয়ে দাখল কৰা অভিযোগৰ ভিত্তিত দুজন সন্দেহযুক্ত যুৱকক আটক কৰি সোধাপোছা কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে দুৰ্গা পূজাৰ পিছৰে পৰা মন্দিৰৰ চিচি টিভি কেমেৰা বিকল অৱস্থাত আছিল, যাৰ সুযোগ লৈ চোৰে এই কাণ্ড সংঘটিত কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে।

ইয়াৰ সৈতে কোকৰাঝাৰ সদৰ চহৰত দিন দিনে চুৰিকাণ্ডৰ ঘটনা বৃদ্ধি পাইছে, যদিও আৰক্ষী প্ৰশাসনে ফলপ্ৰসূ ব্যৱস্থা ল’বলৈ ব্যৰ্থ হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৭ অক্টোবৰ

You might also like