নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ বাবে ঝিয়ানলৈ পুনৰ ঘূৰি আহিছে বিনিময় প্রথা

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ কঠোৰ ক’ভিড প্রট’কলৰ বাবে চীনৰ ঝিয়ান চহৰত গৃহবন্দী হৈ পৰা ১ কোটি ৩০ লাখ লোকে এতিয়া বিনিময় প্রথাৰে বিভিন্ন সামগ্রী লাভ কৰিবলগীয়া হৈছে৷ স্মর্তব্য যে কোৱাৰেণ্টাইনত থকা এই লোকসকল ভয়াৱহ খাদ্যসামগ্রীৰ সংকটৰ সন্মুখীন হৈছে৷ আনকি নিত্য প্রয়োজনীয় বিভিন্ন সামগ্রীৰ যোগান বন্ধ হৈ পৰিছে পৰিয়ালসমূহত৷ গতিকে পৰিয়ালবোৰে নিজৰ মাজত বিভিন্ন সামগ্রীৰ আদান–প্রদান কৰিছে৷

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত মুকলি হৈছে তেনে বহু অবিশ্বাস্য ঘটনাৰ ভিডিঅ’৷ চহৰখনৰ কিছুমান পৰিয়ালে চিগাৰেটৰ বিনিময়ত বান্ধকবি লাভ কৰিছে প্রতিবেশীৰ পৰা৷ সেইদৰে কিছুমানে আকৌ বিভিন্ন পানীয় সামগ্রী প্রতিবেশীক দি ইয়াৰ বিনিময়ত লাভ কৰিছে ফলমূল৷ প্রাচীন বিনিময় প্রথা এতিয়া জীয়াই থকাৰ একমাত্র সম্বল হৈ পৰিছে ঝিয়ানবাসীৰ৷ অৱশ্যে বেইজিং প্রশাসনে কোৱাৰেণ্টাইনত থকা পৰিয়ালবোৰলৈ সকলো সামগ্রী সঠিকভাৱে যোগান ধৰি থকা বুলি ঘোষণা কৰিছে৷

You might also like