নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসত মুখ্য অতিথি হ’ব আল–ছিছি

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: আগন্তুক গণৰাজ্য দিৱসত ইজিপ্তৰ ৰাষ্ট্রপতি আব্দেল ফাতাহ আল–ছিছি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আনুষ্ঠানিকভাৱে আল–ছিছিলৈ আমন্ত্রণ জনাই প্রেৰণ কৰা পত্র ইজিপ্তৰ ৰাষ্ট্রপতিক যোৱা ১৬ অক্টোবৰত অর্পণ কৰিছিল বিদেশ মন্ত্রী এছ জয়শংকৰে৷ আজি বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে প্রথমবাৰৰ বাবে ইজিপ্তৰ ৰাষ্ট্রপতিয়ে ভাৰতৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব৷ উল্লেখনীয় যে দুয়োখন দেশে কূটনৈতিক সম্পর্কৰ ৭৫সংখ্যক দিৱস পালন কৰি আছে৷

You might also like