নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক মেট্রিক…

🔹 ৰূপাংকৰ ডেকা

মেট্ৰিক আহিছে মেট্ৰিক…
এক শৈক্ষিক ৰোমাঞ্চ, বুকুত দুৰু দুৰু কঁপনি, উদ্বিগ্ণতা–আত্মবিশ্বাসৰ এক শিহৰণৰ নাম মেট্ৰিক৷ ৰাজ্যৰ শিক্ষায়তনিক ক্ষেত্রত আৰু নাথাকিব এই শিহৰণ৷ কাৰণ এই বছৰেই অর্থাৎ আজিৰ পৰা আৰম্ভ হ’ল অন্তিম মেট্ৰিক৷ নতুন শিক্ষানীতিৰ আধাৰত নাথাকে ষ্টেণ্ড ব্যৱস্থাও৷ অর্থাৎ স্থানপ্রাপ্তিৰ আনন্দ–উন্মাদনাও শেষ৷ নষ্টালজিয়া হৈ ৰ’ব তাহানিৰ সেই দৃশ্য… কি প্রশ্ণ আহিল, কি বা লিখিলে, কেনেকুৱা বা হয় ইত্যাদি বহু প্রশ্ণৰ অজানা উত্তৰ বুকুত লৈ আপোন প্রার্থী পৰীক্ষাগৃহৰ পৰা ওলাই অহালৈ অভিভাৱক–আত্মীয়ৰ পৰ দিয়াৰ ক্ষণ, পুলিচৰ হুইচেলত কেন্দ্রৰ চৌহদৰ চাৰিওফালে জুম পাতি আঁতৰিবলৈ বাধ্য হৈ পুনৰ এখোজ–দুখোজকৈ আগুৱাই যোৱাৰ মুহূর্তবোৰ…৷
মনত পৰা দিনৰ কথা৷ সম্ভৱতঃ সপ্তম–অষ্টম শ্রেণীত পঢ়ি আছিলোঁ৷ সেই সময়ত আমাৰ অঞ্চলত অন্যতম আৰু একমাত্র পৰীক্ষা কেন্দ্রটো আছিল কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৮৭৫ চনত স্থাপিত, গৌৰৱোজ্জ্বল ডেৰশ বছৰীয়া পৰিক্রমাত উপনীত এহ বিদ্যালয়খনতে পাৰ হৈছিল মোৰ হাহস্কুলীয়া শৈক্ষিক দিন৷
সেই সময়ত মেট্ৰিক পৰীক্ষা দিবলৈ বহু দূৰ–দূৰণিৰ শিক্ষার্থী আহিছিল৷ বৃহত্তৰ অঞ্চলটোত কোনো আত্মীয়–স্বজন নথকা বহুতে আমাৰ গাঁৱৰ সুবিধালব্ধ কোনো এঘৰত থাকি অধ্যয়নৰ সমান্তৰালভাৱে পৰীক্ষাত অৱতীর্ণ হৈছিল৷ কাৰণ বিদ্যালয়খন মোৰ গাঁৱতে অৱস্থিত৷ প্রায় মাহজোৰা পৰীক্ষাৰ অন্তত সেই অচিনাকি মানুহ ঘৰ প্রার্থী আৰু তেওঁৰ পৰিয়ালৰ আপোন হৈ পৰিছিল৷ এনে আত্মীয়তা বোধহয় এতিয়াও আছে৷
কিতাপ–কাপোৰৰ টালি–টোপোলা লৈ ঘৰখনলৈ অহা ল’ৰাজনে বিচাৰি পাইছিল স্নেহ, বিনিময়ত অভিভাৱকৰ দৰেই দায়িত্ব বাঢ়িছিল পৰিয়ালটোৰ৷ কাৰণ সি মেট্ৰিক দিব আহিছে৷ সমানে দায়িত্ব বুজিছিল ওচৰ–চুবুৰীয়ায়ো৷ বাট–পথৰ পদূলি স্তব্ধ, কাৰণ সি পঢ়ি আছে, মেট্ৰিক আহিছে৷ সেহকেইদিন সন্ধিয়া হ’লেই ৰেডিঅ’ৰ পৰা ভাহি অহা নাছিল আঞ্চলিক বাতৰি, শুনিবলৈ পোৱা নগৈছিল নিশা ৯ বজাৰ নাটক, কাৰণ সি পঢ়ি আছে, কাইলৈ পৰীক্ষা…৷ কোনোবাই অলপ উচ্চ স্বৰত বজালেও চুবুৰীয়াৰ ডাবি–ধমকি খাইছিল৷ পুৱা–গধূলি পিৰালিত বহি ডাঙৰকৈ কথা কোৱাটো আছিল নিষেধ…৷ মেট্ৰিক, ৰোমাঞ্চ–শিহৰণৰ মেট্ৰিক৷ আমাৰ মনত পৰা সেই সময়ৰ মোৰ গাঁওখনৰ স্মৃতিৰ মানসপটত ভাহি উঠা এখন ছবি মেট্ৰিকৰ সময়ৰ…৷
অকল এই ছবিখন আমাৰ গাঁওখন অথবা কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়েই নহয়, এনে এখন ছবি দেখা গৈছিল ৰাজ্যৰ বিভিন্ন প্রান্তৰ মেট্রিক পৰীক্ষা কেন্দ্রসমূহত অথবা কেন্দ্রটোৰ নিকটৱর্তী গাঁওসমূহত৷
এতিয়া সেই পৰিৱেশ অতীত৷ ৰৈ গ’ল মাথোঁ সোঁৱৰণী৷ যা নহওক, শিক্ষা ব্যৱস্থাৰ উত্তৰণ, শৈক্ষিক আন্তঃগাঁথনি উন্নয়নৰ হকে আধুনিক শিক্ষা ব্যৱস্থা অপৰিহার্য৷ ইতিমধ্যে এই সন্দর্ভত ৰাজ্যৰ শিক্ষামন্ত্রীগৰাকীয়ে এইবুলি ঘোষণা কৰিছে যে মেট্রিক আৰু উচ্চতৰৰ লগত জড়িত দুই সঞ্চালকালয়ৰ এজন সঞ্চালকৰ অধীনলৈ আনি বিদ্যালয় শিক্ষা সঞ্চালকালয় গঠনৰ চিন্তা–চর্চা চলিছে৷ তদুপৰি নতুন শিক্ষানীতি অনুসৰি প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ বিদ্যালয় শিক্ষাৰ অন্তর্ভুক্ত হ’ব৷ এয়া পৰিচালনা কৰিব এখন ব’র্ডে৷ নৱম–দশম, একাদশ–দ্বাদশ শ্রেণীৰ পৰীক্ষা বিদ্যালয়ৰ পৰিৱর্তে ব’র্ডে পৰিচালনা কৰাৰো ইংগিত দিছে শিক্ষামন্ত্রীগৰাকীয়ে৷ সেই অনুসৰি মেট্রিক হিচাপে এয়াই হ’ব অন্তিমটো পৰীক্ষা৷ এনেবোৰ বিষয় সামৰি নতুন শিক্ষানীতিয়ে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক এক অনন্য মাত্রা প্রদান কৰিব যদিও তাহানিৰ মেট্রিকৰ ৰোমাঞ্চ সকলোৰে বাবে হৈ ৰ’ব এক মধুৰ ৰোমন্থন৷

You might also like