নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চকীদাৰক বেয়া ব্যৱহাৰ কৰাৰ বাবে পুত্রক তিৰস্কাৰ আম্বানীৰ

সন্তানৰ পৰা সদায় বিচাৰে শিষ্টাচাৰ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ দেশৰ আটাইতকৈ আঢ়্যৱন্ত ব্যক্তি হ’লেও উদ্যোগপতি মুকেশ আম্বানীয়ে সদায় তলৰ কর্মচাৰীসকলৰ প্রতি সুব্যৱহাৰ প্রদর্শন কৰি আহিছে৷ কোনো নিম্নবর্গৰ কর্মীকে আম্বানী দম্পতীয়ে কেতিয়াও বেয়া ব্যৱহাৰ কৰাৰ নজিৰ নাই৷ শেহতীয়াকৈ এজন চকীদাৰক অশোভনীয় ব্যৱহাৰ কৰাৰ বাবেই পুত্র আকাশক মুকেশ আম্বানীয়ে তিৰস্কাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ পুত্র আকাশ আম্বানীক এই ঘটনাৰ বাবে চকীদাৰজনৰ ওচৰত ক্ষমা বিচাৰিবলৈও উদ্যোগপতিগৰাকীয়ে নির্দেশ দিছিল বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ স্মর্তব্য যে মুকেশ আৰু নীতা আম্বানীয়ে তেওঁলোকৰ সন্তান আকাশ, ঈষা আৰু অনন্তক সদায় শিপাচ্ছিন্ন নহ’বলৈ শিক্ষাদান কৰি আহিছে৷ গতিকে প্রতিজন লোকৰ প্রতি সন্তানে সদায় ভাল ব্যৱহাৰ তথা শিষ্টাচাৰ প্রদর্শন কৰাটো বিচাৰে মুকেশ আম্বানীয়ে৷

You might also like