নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তান জন্ম দিবলৈ চাইকেল চলাই হাস্পতালত ৰাজনীতিক

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ  সন্তান প্রসৱ কৰিবলৈ নিউজিলেণ্ডৰ এগৰাকী সাংসদে চাইকেল চলাই হাস্পতালত উপস্থিত হোৱা ঘটনাক লৈ বিশ্বৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ সন্তানটি জন্ম দিয়াৰ মাত্র এঘণ্টা পূর্বে নিজেই চাইকেল চলাই আহি হাস্পতালত ভর্তি হয় জুলি আন্নে গেণ্টাৰ নামৰ সাংসদগৰাকীয়ে৷ সন্তানটি জন্ম দিয়াৰ পাছতে সাংসদগৰাকীয়ে কয় যে চাইকেল চলোৱাৰ মুহূর্তত তেওঁ প্রসৱ বেদনা অনুভৱ কৰিব বুলি ভবা নাছিল৷ কিন্তু নভবাটোৱেই ঘটিল৷ গ্রীন পার্টীৰ মুখপাত্র গেণ্টাৰৰ বাবে অৱশ্যে এয়া নতুন ঘটনা নহয়৷ তিনি বছৰ পূর্বে দেশখনৰ এগৰাকী মন্ত্রী হৈ থকাৰ সময়তো গেণ্টাৰে অনুৰূপ পদক্ষেপ গ্রহণ কৰিছিল৷ চাইকেল চলাই হাস্পতালত তেতিয়াও উপস্থিত হৈছিল সন্তান জন্ম দিবলৈ৷ ৪১ বছৰীয়া গেণ্টাৰ হৈছে চাইকেল চলোৱাৰ সপক্ষে বিভিন্ন সময়ত যুক্তি দর্শাই অহা এগৰাকী নেত্রী৷ আমেৰিকাত জন্মগ্রহণ কৰা গেণ্টাৰে উল্লেখ কৰে যে পূর্বৰে পৰা তেওঁ আৰু তেওঁৰ স্বামীয়ে চাইকেল চলাই ভাল পাইছিল৷ স্মর্তব্য যে নিউজিলেণ্ডত ১৯৭০ চনৰে পৰা সাংসদ তথা দায়িত্ব পালন কৰি থকা বহু মহিলাই কার্যকালতে সন্তান জন্ম দি অভিলেখ গঢ়ি আহিছে৷ ২০১৮ চনত দেশখনৰ প্রধানমন্ত্রী জাচিণ্ডা আর্ডার্নে এটি সন্তান জন্ম দি কার্যকালতে সন্তান জন্ম দিয়া বিশ্বৰ দ্বিতীয়গৰাকী মহিলা হিচাপে চিহ্ণিত হৈছিল৷

You might also like