নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰীক্ষা পে চর্চা–২০২৩: সকলো পৰীক্ষা যোদ্ধাক অংশগ্রহণ কৰিবলৈ আহ্বান প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: শিক্ষার্থী আৰু অভিভাৱকসকলক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কার্যসূচী পৰীক্ষা পে চর্চা–২০২৩ৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে৷ পৰীক্ষা পে চর্চা–২০২৩ৰ বাবে ইতিমধ্যে শিক্ষার্থীৰ পঞ্জীয়ন প্রক্রিয়া আৰম্ভ কৰা বুলি শিক্ষা মন্ত্রালয়ে আজি ঘোষণা কৰিছে৷ শিক্ষা মন্ত্রালয়ৰ এই ঘোষণাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটযোগে দেশৰ সকলো পৰীক্ষা যোদ্ধাৰ লগতে অভিভাৱক, পিতৃ–মাতৃক এই কার্যসূচীত অংশগ্রহণ কৰাৰ বাবে আহ্বান জনাইছে৷ উল্লেখ্য যে ২০১৮ চনৰ পৰা পৰীক্ষা পে চর্চা কার্যসূচী চলি আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই কার্যসূচীত শিক্ষার্থীৰ লগতে অভিভাৱক আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰে৷ পৰীক্ষাৰ সময়ত শিক্ষার্থীসকলে কিদৰে সাজু হ’ব লাগে আৰু পৰীক্ষাক উৎসৱ আকাৰে লৈ অৱতীর্ণ হ’ব লাগে বুলি প্রধানমন্ত্রী মোদীয়ে বিগত কার্যসূচীত পৰামর্শ আগবঢ়াইছিল৷ মন কৰিবলগীয়া যে পৰীক্ষা পে চর্চা–২০২৩ত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ শিক্ষার্থী, অভিভাৱক আৰু শিক্ষকে অফিচিয়েল ৱেবছাইট ব্যৱহাৰ কৰিব লাগিব৷ দেশজুৰি এই কার্যসূচীত পঞ্জীয়ন হ’লেও ইয়াৰ মাজৰ পৰা ২,০৫০ শিক্ষার্থী, শিক্ষক আৰু অভিভাৱকক পৰীক্ষা পে চর্চা–২০২৩ত অংশগ্রহণৰ সুযোগ দিয়া হ’ব৷ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে শিক্ষার্থীয়ে নিজৰ নাম পৰীক্ষা পে চর্চা–২০২৩ৰ বাবে পঞ্জীয়ন কৰিব পাৰিব৷

You might also like