নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্ৰিশ বছৰ হ’লেই সন্তান জন্ম দিবলৈ ব্যগ্ৰ হৈ উঠে মহিলাসকল…

‘সন্তান জন্ম দিয়া ইমান দৰকাৰী কিয়? মহিলাসকল, আনকি সমাজৰ প্রতিষ্ঠিত, নানা নিয়ম ভাঙি পেলোৱাৰ সাহস ৰখা মহিলাসকলেও ত্ৰিশ বছৰ বয়স পাৰ হলেই সন্তান জন্ম দিয়াৰ বাবে ব্যাকুল হৈ উঠে।’ কাক লৈ এনেদৰে লিখিছে প্ৰখ্যাত তথা বিতৰ্কিত লেখিকা তছলিমা নাছৰিনে। মঙলবাৰে ৰাতিৰ পৰাই তছলিমা নাছৰিনৰ পোষ্টে প্রশ্ন তুলিছে।

নাম উল্লেখ নকৰাকৈয়ে বাংলাদেশৰ আগশাৰীৰ অভিনেত্ৰী পৰিমণিক লৈ এই শেল মাৰিলে নেকি? মাত্ৰ সোমবাৰে অন্তঃসত্ত্বা হোৱাৰ খবৰ ফেছবুকত জনাইছিল খোদ অভিনেত্রীগৰাকীয়ে। লগে লগে তোলপাৰ লাগে বাংলাৰ ইপাৰ-সিপাৰ। পৰীয়ে লগতে জনাইছিল যে তেওঁ অভিনেতা ছৰিফুল ৰাজৰ সন্তান গর্ভধাৰণ কৰিছে। সিদিনাই ৰাজ-পৰীৰ গোপন বিবাহৰ খবৰো নিশ্চিত হয়। তাৰ পাছতেই তছলিমাৰ পোষ্টত নজৰ পৰে সকলোৰে। অনুৰাগীয়ে অনুমান কৰিছে যে এই পোষ্ট সম্ভৱতঃ বাংলাদেশী নায়িকা পৰীকলৈয়ে দিয়া হৈছে।

লেখিকাগৰাকীয়ে লগতে প্ৰশ্ন কৰে যে এই ব্যাকুলতা নিজৰ বাবে কিমান দূৰ? নে পুৰুষতান্ত্রিক ৰীতি নীতি মানিবলৈ? মহিলা-যুৱতীসকলে সন্তান জন্ম দিবলৈ বিচাৰে সমাজৰ দহজন লোকৰ বাবেহে। উল্লেখনীয় যে, পৰীমণিৰ জীৱনত ঘটি যোৱা এটাৰ পাছত আনটো অঘটনত অভিনেত্ৰীগৰাকীক মুকলিকৈ সমর্থন জনাইছিল জনপ্রিয় লেখিকাগৰাকীয়ে। পৰীমণিৰ সাহসে সেই সময়ত তেওঁক মুগ্ধ কৰিছিল।

You might also like