নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ বছৰত মানুহে লাজ পাবলগীয়া একো কাম কৰা নাই, বাপু-চৰ্দাৰ পেটেলৰ সপোনৰ ভাৰতখন গঢ়াৰ চেষ্টা কৰিছোঁ, গুজৰাটত আৰু কি কি ক’লে মোদীয়ে

বিশেষ বাৰ্তা, ২৮ মেঃ যোৱা ৮ বছৰত আমি বাপু আৰু চৰ্দাৰ পেটেলৰ সপোনৰ ভাৰতখন গঢ়াৰ সৎ প্ৰচেষ্টা হাতত লৈছিলো। বাপুৱে এনে এখন ভাৰত বিচাৰিছিল যিখনে দুখীয়া, দলিত, জনজাতীয়, মহিলাক শক্তিশালী কৰিব; য’ত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্য জীৱনৰ এক পদ্ধতি হৈ পৰে; যাৰ অৰ্থনৈতিক ব্যৱস্থাৰ থলুৱা সমাধান আছে। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি গুজৰাট ভ্ৰমণলৈ গৈ ৰাজকোটৰ আটকোটত নৱনিৰ্মিত মতুশ্ৰী কেডিপি মাল্টিস্পেচিয়েলিটী হাস্পতাল উদ্বোধন কৰিলে মোদীয়ে। ইয়াৰ পাছত ৰাজকোটত এখন জন সমাৱেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৮ বছৰ ধৰি তেওঁলোকৰ চৰকাৰে ভাৰতৰ জনসাধাৰণৰ সেৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আহিছে।

তেওঁ লগতে কয় যে এই ৮ বছৰত তেওঁ এনে কোনো কাম কৰা নাই যাৰ বাবে মানুহে লাজ পাবলগীয়া হৈছে।তেওঁ লগতে সমগ্ৰ বিশ্বৰ দৰে ভাৰতে কভিড-১৯ ৰ সৈতে যুঁজ দিয়াৰ সময়ত ভেকচিনৰ নিশ্চিতি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ আলোকপাত কৰে। যেতিয়া মানুহৰ প্ৰচেষ্টাৰ সৈতে চৰকাৰৰ প্ৰচেষ্টাৰ সংযোগ ঘটে, তেতিয়াই আমাৰ সেৱাৰ মনোভাৱ বাঢ়ি যায়। ৰাজকোটৰ এই আধুনিক চিকিৎসালয়খন ইয়াৰে এক প্ৰতিফলন বুলিও ক’লে প্ৰধানমন্ত্ৰীয়ে। মহামাৰী আৰম্ভ হোৱাৰ সময়ত দৰিদ্ৰ লোকসকলে খাদ্য সংকটৰ সন্মুখীন হ’বলৈ ধৰিছিল। তেতিয়াই চৰকাৰে দেশবাসীৰ বাবে খাদ্যৰ ভঁৰাল খুলি দিয়ে। নাৰীৰ মৰ্যাদাপূৰ্ণ জীৱনৰ বাবে জন ধন বেংক একাউণ্টলৈ প্ৰত্যক্ষ ট্ৰেন্সফাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল। কৃষকৰ বেংক একাউণ্টলৈ টকা হস্তান্তৰ কৰা হৈছিল। এই সকলোবোৰ কথা মোদীৰ ভাষণত প্ৰকাশ পাইছে।

You might also like