নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ কাহিনীৰ পৰিকল্পনাৰে স্বামীক হত্যা লেখিকাৰ, উপন্যাসৰ শিৰোনাম ‘হাও টু মার্ডাৰ য়ৰ হাজবেণ্ড’

বিশেষ বাৰ্তা, ২৮ মেঃ গিৰিয়েকক কিদৰে হত্যা কৰিব পাৰি তাকে লৈ উপন্যাস লিখিছিল। নাম দিছে ‘হাও টু মার্ডাৰ য়ৰ হাজবেণ্ড’। কিন্তু আমেৰিকাৰ সেইগৰাকী লেখিকা নেন্চি ক্রিপ্টন ব্রফিৰ বিৰুদ্ধে গিৰিয়েকক গুলি কৰি হত্যা কৰাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে জনাইছে, নেন্চিৰ স্বামী ডেনিয়েল পেছাত এজন ৰান্ধনী আছিল। ২০১৮ চনৰ ২ জুনত ওৰেগন কালিনাৰী ইনস্টিটিউটৰ পাকঘৰৰ পৰা ডেনিয়েলৰ গুলিবিদ্ধ দেহ উদ্ধাৰ হৈছিল। ডেনিয়েলৰ পিঠিলৈ গুলি চলোৱা হৈছিল। তদন্তকাৰী বিষয়াসকলে জনাইছে, অনলাইন বিপনীৰ পৰা এটা বন্দুক কিনিছিল নেনচিয়ে। হত্যাৰ বাবে সেইটোৱে ব্যৱহাৰ কৰিছিল লেখিকাই। উল্লেখযোগ্য যে তদন্তকাৰীসকলে জনোৱা মতে নেন্চিয়ে ঠিক যিদৰে তেওঁৰ গিৰিয়েকক হত্যা কৰিছিল, ঠিক সেই ধৰণেই এটা কাহিনী তেওঁৰ উপন্যাসতো পোৱা গৈছে। ‘হাও টু মার্ডাৰ য়ৰ হাজবেণ্ড’-ৰ আগতেও দুখন কিতাপ লিখিছিলে নেন্চিয়ে। ‘দ্য ৰং হাজবেণ্ড’ আৰু ‘হেল অন আ হার্ট’। নেন্চিৰ প্ৰতিখন উপন্যাসৰেই মূল বিষয় হত্যা, অপৰাধ, বিশ্বাসঘাতকতা তথা যৌনতা।

You might also like