নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ বছৰীয়া জে’ল জীৱনৰ পৰা মুক্তি তামিল ৰাজনীতিক শশীকলাৰ

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ মুক্তি পালে তামিলনাড়ুৰ প্রাক্তন মুখ্যমন্ত্রী জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলাই। ৬৬ কোটি টকা দুর্নীতিৰ অভিযোগত বিগত ৪ বছৰ বাংগালুৰুৰ জেলত বন্দী আছিল তেওঁ।

ক’ৰোনাত আক্রান্ত হোৱাৰ কাৰণে বেছ কিছুদিন হাস্পতালতো আছিল নেত্ৰীগৰাকী। জয়াললিতাৰ ঘনিষ্ঠ সহযোগী ৰূপে থকাৰ সময়ত বিপুল পৰিমাণৰ আর্থিক দুর্নীতিত জড়িত থকাৰ অভিযোগ উঠিছিল শশীকলাৰ বিৰুদ্ধে।

বাংগালুৰুৰ পাৰাপ্পানা অগ্রহাৰা কাৰাগৰত বন্দী হৈ আছিল শশীকলা। আজি মুক্তি পোৱাৰ পিছতে শশীকলাৰ সমর্থক ভৰি পৰে তেওঁৰ সান্নিধ্যৰ বাবে। তামিলনাড়ুৰ নির্বাচনৰ আগে আগে শশীকলাৰ মুক্তিয়ে জোকাৰণি সৃষ্টি কৰিছে তামিল ৰাজনীতিত।

You might also like