নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’নাল্ড ট্ৰাম্পক কোনে সজালে মহিষাসুৰ… নিৰ্বাচনৰ আগে আগে তুমুল বিতৰ্ক আমেৰিকাত

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজতে আছে মাত্ৰ কেইটামান দিন। এনে সময়তে এটা টুইটযোগে পোষ্ট কৰা এখন ফটোৱে তোলপাৰ লগালে আমেৰিকা। বিভিন্নজনৰ প্ৰতিবাদমূলক ভাষ্যৰ ভিত্তিত অৱশেষত টুইটৰ পৰা আঁতৰাই দিয়া হ’ল ফটোখন। কি আছিল এই ফটোখনত?

ফটোখনত আমেৰিকাৰ নিৰ্বাচনী প্ৰাৰ্থী কমলা হেৰিছ, ট্ৰাম্প আৰু জো বিডেনক হিন্দু দেৱতা-অসুৰৰ ৰূপত উপস্থাপন কৰা হৈছিল। ডেম’ক্ৰেটিক দলৰ সমৰ্থক তথা কমলা হেৰিছৰ ভতিজী তথা শিশু সাহিত্যিক মীনা হেৰিছে পোষ্ট কৰা ফটোখনত কমলা হেৰিছক দেৱী দুৰ্গা আৰু ড’নাল্ড ট্ৰাম্পক মহিষাসুৰ আৰু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনক দুৰ্গাৰ বাহন সিংহৰ ৰূপত উপস্থাপন কৰা হৈছিল।

কিন্তু দুৰ্ভাগ্যজনকভাৱে কমলা হেৰিছ বা জো বিডেনৰ লগতে ডেম’ক্ৰেটিক দলক অস্বস্তিত পেলালে পোষ্টটোৱে। কিয়নো হিন্দু দেৱ-দেৱীক অসন্মান কৰা বুলি সৰৱ হৈ পৰে আমেৰিকাৰ হিন্দু সংগঠনসমূহ। তেওঁলোকে আনকি কমলা হেৰিছক ক্ষমা খোজাৰ বাবেও দাবী জনায়। কিন্তু মীনা হেৰিছৰ আগেয়ে এই ছবি হোৱাটছএপযোগে প্ৰচাৰ হোৱা বুলি হিন্দু আমেৰিকান পলিটিকেল একচন কমিটীৰ ঋষি ভুটাডাই উল্লেখ কৰে।

লগতে ডেম’ক্ৰেটিক দলৰ ফালৰ পৰাও এনে কাৰ্য কৰা হোৱা নাই বুলি স্পষ্টীকৰণ দিয়া হৈছে। মীনা হেৰিছৰ কাৰ্য সম্পূৰ্ণ ব্যক্তিগত বুলি কোৱা হৈছে। উল্লেখ্য যে কমলা হেৰিছ ভাৰতীয় মূলৰ আমেৰিকান হোৱা বাবে এনেদৰে হিন্দু আৱেগ সৃষ্টি কৰাৰো অপচেষ্টা চলোৱা বুলি গুজৱ ওলাইছে।

You might also like