নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদত আৰম্ভ প্রথম পর্যায়ৰ মানৱ দেহত পৰীক্ষণ

ভাৰত বায়’টেকৰ নেজেল ক’ভিড–১৯ ভেকচিন

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ হায়দৰাবাদত আৰম্ভ হৈছে ভাৰত বায়’টেকৰ নেজেল ক’ভিড–১৯ ভেকচিনৰ মানৱ দেহত প্রথম পর্যায়ৰ পৰীক্ষণ৷ বেজীৰে মানৱ দেহত প্রদান কৰি থকা ভাৰত বায়’টেকৰ ক’ভাক্সিনৰ পিছত কোম্পানীটোৱে এইবাৰ নেজেল ক’ভিড ভেকচিনৰ প্রথম পর্যায়ত মানৱ দেহত পৰীক্ষণ আৰম্ভ কৰিলে৷ হায়দৰাবাদৰ এখন হাস্পতালত ১০জন স্বেচ্ছাসেৱকক তালিকাত অন্তর্ভুক্ত কৰা হৈছিল যদিও আজি ইয়াৰে দুজনক নেজেল ক’ভিড–১৯ ভেকচিন প্রদান কৰা হয়৷ উল্লেখ্য যে হায়দৰাবাদৰ উপৰি পাটনা, চেন্নাই আৰু নাগপুৰত পর্যায়ক্রমে নেজেল ভেকচিনৰ পৰীক্ষণ আৰম্ভ হ’ব৷ ভাৰত বায়’টেক কর্তৃপক্ষই প্রকাশ কৰা মতে চাৰিওখন চহৰত ১৭৫জন লোকৰ দেহত প্রথম পর্যায়ত এই ভেকচিনটো পৰীক্ষণ চলোৱা হ’ব৷ তাৎপর্যপূর্ণ যে ভাৰত বায়’টেকৰ নেজেল ক’ভিড ভেকচিন বিবিভি–১৫৪ক যোৱা মঙলবাৰে ড্রাগ্ছ কণ্ড্র’লাৰ অৱ ইণ্ডিয়া (ডিচিজিআই)ই মানৱ দেহত পৰীক্ষণৰ বাবে অনুমতি প্রদান কৰাৰ পিছতে আজি এই প্রক্রিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়৷

You might also like