নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৮ বছৰ বয়সতো পথত ছানা বিক্রী বিজয়পাল সিঙৰ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা মাত্র ৭৯ কিলোমিটাৰ নিলগত ৰায়বেৰেলীত ৯৮ বছৰীয়া বৃদ্ধ বিজয়পাল সিঙে ছানা বিক্রী কৰি জীৱন নির্বাহ কৰা এটি ভিডি’ই ছ’চিয়েল মিডিয়াত আলোড়ন তুলিছে৷ বয়সৰ সৈতে হাৰ নামানি ৰায়বেৰেলীৰ গাঁৱৰ পদপথত ছানা বিক্রী কৰি জীৱন নির্বাহ কৰা ৯৮ বছৰীয়া বিজয়পাল সিঙক জিলা প্রশাসনে বিশেষ সন্মানেৰে স্বীকৃতি প্রদান কৰিছে৷ ব্যৱসায়ী সিঙক জিলা প্রশাসনে আত্মনির্ভৰ আৰু বৃদ্ধ বয়সতো স্বতন্ত্র সন্মান দিছে৷ উল্লেখ্য যে গ্রাহক এজনে ভিডি’ কৰি অনলাইনত প্রচাৰ কৰাৰ পিছতেই আলোড়নৰ সৃষ্টি হোৱাত সেই ভিডি’ ফুটেজ প্রত্যক্ষ কৰি জিলা দণ্ডাধীশ কার্যালয়ে ৯৮ বছৰীয়া সিঙক আমন্ত্রণ জনায়৷ বিশেষ স্বীকৃতি প্রদান কৰি সিঙক নগদ ১১ হাজাৰ টকাৰ লগতে খোজকঢ়াৰ ক্ষেত্রত সহায়ক হিচাপে লাঠী, শ্বল আৰু এখন প্রমাণ–পত্র প্রদান কৰে৷ সিঙে প্রকাশ কৰা মতে, ঘৰত বহি থাকিলে তেওঁ দুর্বল অনুভৱ কৰে বাবেই পদপথত ব্যৱসায়ী কৰি নিজকে সক্রিয় কৰি ৰাখিছে৷

You might also like