নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰব সাগৰত ভাঙি পৰিল নৌবাহিনীৰ MiG-29K বিমান, নিখোঁজ ১ জন পাইলট

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ আৰবসাগৰত নৌবাহিনীৰ প্রশিক্ষণ চলি থকাৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া এখন MiG-29K বিমান ভাঙি পৰে। বিমানৰ এজন চালকক উদ্ধাৰ কৰা সম্ভৱ হলেও, আনজন পাইলট এতিয়াও নিখোঁজ হৈ আছে।

ইতিমধ্যে কালি নিশাৰে পৰা জলপথ আৰু আকাশপথত উদ্ধাৰ অভিযান চলি আছে। কেনেদৰে প্রশিক্ষণৰ সময়ছোৱাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়, তাৰ তদন্ত আৰম্ভ কৰাৰ নির্দেশ দিছে নৌসেনাই।

লগতে পঢ়কঃ হাৰিয়ানা হৈ দিল্লী পোৱা কৃষক সমদলক বাধা আৰক্ষীৰ, প্ৰবল উত্তেজনা দিল্লী সীমান্তত

শুকুৰবাৰে এক বিবৃতিত নৌসেনাৰ পক্ষৰ ফালৰ পৰা কোৱা হৈছে, “২৬ নৱেম্বৰৰ সন্ধিয়া প্রশিক্ষণ চলাই থকাৰ সময়তে বিমানখন সমুদ্রৰ ওপৰতে ভাঙি পৰে। এজন পাইলটক উদ্ধাৰ কৰা হৈছে আৰু দ্বিতীয় পাইলটৰ বাবে বিমান আৰু জলপথত অনুসন্ধান কৰা হৈছে। ঘটনা তদন্তৰ বাবে নির্দেশ দিয়া হৈছে।”

উল্লেখ্য যে, আইএনএছ ‘বিক্রমাদিত্য’ৰ পৰা MiG-29 বিমানখন পৰিচালনা কৰা হয়। গোৱাৰ উপকূলত নিয়মিত প্রশিক্ষণ চলাই আছিল বিমানখনে। জানিব পৰা মতে, বিমানখনৰ পৰা ছিটিকি যায় এজন পাইলট।

অনুমান কৰা হৈছে দুই ইঞ্জিনবিশিষ্ট এই এয়াৰক্র্যাফখন কাৰিকৰী সমস্যাৰ বাবেই হয়টো এই দুর্ঘটনা সংঘটিত হয়।

You might also like