নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এফালে কৃষক আনফালে আৰক্ষী, যুদ্ধসদৃশ পৰিস্থিতি দিল্লী সীমান্তত

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ দেশত প্ৰৱৰ্তন কৰা কৃষি আইনক লৈ ছখন ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, ৰাজস্থান, কেৰালা আৰু পঞ্জাবৰ কৃষকসকলে হাৰিয়ানা হৈ দিল্লীলৈ আহি থকা অৱস্থাত প্ৰবল বাধাৰ সন্মুখীন হৈছে আৰক্ষীৰ।

একপ্ৰকাৰ যুদ্ধসদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে বৰ্তমান সিংঘু সীমান্তত। কন্দুৱা গেছ, পানীবোমা, লাঠীচালনাৰে কৃষক সমদলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লীৰ মুঠ ১০টা পইণ্টত কৃষক সমদলক বাধা দি আছে আৰক্ষীয়ে।

সম্প্ৰতি দিল্লী সীমান্তত এফালে আছে কৃষকৰ ট্ৰেক্টৰ, ট্ৰাক, বুলডেজাৰ আদি কৃষিক্ষেত্ৰত ব্যৱহাৰ কৰা সামগ্ৰী আৰু আনফালে আছে দিল্লী আৰক্ষীৰ বেৰিকেড। এক উত্তেজনাময় পৰিস্থিতি এতিয়া সিংঘু সীমান্তত।

You might also like