নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশমুখী ভাৰতীয়ঃ পাঁচ বছৰত নাগৰিকত্ব এৰিলে ৬ লাখে

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ অতি আশ্চর্যজনকভাৱে যোৱা পাঁচ বছৰত ৰেকর্ডসংখ্যক ভাৰতীয়হ দেশৰ নাগৰিকত্ব ত্যাগ কৰি বিদেশত আশ্রয় গ্রহণ কৰিছে৷ আজি লোকসভাৰ মজিয়াত কেন্দ্রীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে প্রদান কৰা এই বিবৃতিৰ পাছত দেশজুৰি জোকাৰণি সৃষ্টি হৈছে৷ সদনৰ প্রশ্ণোত্তৰকালত গৃহ ৰাজ্যমন্ত্রীজনে প্রকাশ কৰা মতে, ২০১৭ চনৰ পৰা চলিত বর্ষৰ ৩০ ছেপ্ঢেম্বৰলৈকে ৬,০৮,১৬২জন ভাৰতীয়হ দেশৰ নাগৰিকত্ব পৰিহাৰ কৰি বিদেশী ৰাষ্ট্রৰ নাগৰিকত্ব গ্রহণ কৰিছে৷ হয়াৰ বিপৰীতে যোৱা পাঁচ বছৰত ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনাহছে বিদেশী ৰাষ্ট্রৰ মাত্র ১০,৬৪৫জন নাগৰিকেহে৷

লক্ষণীয়ভাৱে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনোৱা বিদেশীৰ ভিতৰত সৰহসংখ্যকেহ হৈছে পাকিস্তানৰ৷ ২০১৬ চনৰ পৰা ২০২০ চনলৈকে ৭,৭৮২জন পাকিস্তানী নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰিছে৷ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বাবে নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আহন প্রণয়ন কৰিছে যদিও যোৱা পাঁচ বছৰত মাত্র ১৮৪জন বাংলাদেশীয়ে আনুষ্ঠানিকভাৱে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন ৰুজু কৰিছে৷ লক্ষণীয়ভাৱে ২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আহন সংসদৰ অনুমোদন লাভ কৰাৰ পৰৱর্তী বছৰত অর্থাৎ ২০২০ চনত মাত্র ২৮জন বাংলাদেশীয়ে ভাৰতৰ নাগৰিকত্ব লাভৰ বাবে আবেদন জনাহছে৷ হয়াৰ পূর্বে ২০১৬ চনত ৫৪জন, ২০১৭ চনত ৪৬জন, ২০১৮ চনত ১৯জন আৰু ২০১৯ চনত ৩৭জন বাংলাদেশীয়ে ভাৰতৰ নাগৰিকত্ব বিচাৰিছিল৷ বাস্তৱত বাংলাদেশতকৈ আফগানিস্তান, শ্রীলংকা আনকি আমেৰিকাৰ অধিকসংখ্যক নাগৰিকে ভাৰতৰ নাগৰিকত্ব লাভৰ বাবে আবেদন জনাহছে৷ যোৱা পাঁচ বছৰত আফগানিস্তানৰ ৭৯৫জন, শ্রীলংকাৰ ২০৫জন আৰু আমেৰিকাৰ ২২৭জন নাগৰিকে ভাৰতৰ নাগৰিকত্ব লাভৰ বাবে আবেদন জনাহছে৷

লক্ষণীয়ভাৱে বিশ্বৰ ৪৫২জন ৰাষ্ট্রহীন (ষ্টেটলেছ) নাগৰিকেও ভাৰতৰ নাগৰিকত্বৰ বাবে কৰিছে আবেদন৷ কিন্তু ভাৰতৰ নাগৰিকত্ব বিচৰা বিদেশী লোকতকৈ ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰি হমান বৃহৎসংখ্যক লোকে কিয় বিদেশলৈ ঢ়াপলি মেলিলে তাক লৈ বহুতো প্রশ্ণৰ ডদ্রেক হৈছে৷ মন্ত্রী ৰায়ে প্রদান কৰা বিস্তাৰিত তথ্য অনুসৰি ২০১৭ চনত ১,৩৩,০৪৯জন লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছিল৷ ২০১৮ চনত ত্যাগ কৰিছিল ১,৩৪,৫৬১ লোকে৷ ২০১৯ চনত নাগৰিকত্ব ত্যাগ কৰিছিল ১,৪৪,০১৭জন ভাৰতীয়হ৷ ২০২০ চনত ক’ভিড অতিমাৰীৰ বাবে থকা বাধা–নিষেধৰ বাবেহ সম্ভৱতঃ অপেক্ষাকৃত ভাৱে কম ৮৫,২৪৮জন ভাৰতীয়হ দেশৰ নাগৰিকত্ব ত্যাগ কৰি বিদেশত আশ্রয় গ্রহণ কৰিছিল৷ আনহাতে, চলিত বছৰৰ ৩০ ছেপ্ঢেম্বৰলৈকে ১,১১,২৮৭জন ভাৰতীয়হ হতিমধ্যে নাগৰিকত্ব ত্যাগ কৰি বিদেশত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছে৷ আনহাতে, কেন্দ্রীয় বিদেশ মন্ত্রালয়ৰ পৰা লব্ধ তথ্যৰ আধাৰত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী ৰায়ে প্রদান কৰা তথ্য অনুসৰি এহ মুহূর্তত ১ কোটি ৩৩ লাখ ৮৩ হাজাৰ ৭১৮জন ভাৰতীয়হ দেশৰ পৰিৱর্তে বিদেশত বসবাস কৰি আছে৷ এওঁলোকে ভাৰতৰ নাগৰিকত্ব এৰা নাহ যদিও দীর্ঘদিন ধৰি ভাৰতৰ বাহিৰত আছে৷

মন কৰিবলগীয়া যে কেৰালাৰ সাংসদ হিবি হডেনে দৰাচলতে নাগৰিকত্ব সংশোধনী আহন আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ ডত্থাপন কৰা এক প্রশ্ণৰ ডত্তৰত গৃহ বিভাগৰ ৰাজ্যমন্ত্রীজনে সদনৰ মজিয়াত এহ চাঞ্চল্যকৰ তথ্য প্রদান কৰিছে৷ আনহাতে, নাগৰিকত্ব সংশোধনী আহন সন্দর্ভত মন্ত্রীজনে প্রকাশ কৰিছে যে ২০১৯ চনৰ ১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আহনখনৰ ওপৰত জাননী জাৰি কৰা হৈছিল যদিও এতিয়ালৈকে আহনখনৰ বিধি–নিয়ম প্রস্তুত কৰা হোৱা নাহ৷ বিধি–নিয়মসমূহৰ জাননী জাৰি হ’লেহ সংশ্লিষ্ট লোকে এহ আহনৰ জৰিয়তে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰিব৷ আনহাতে, দেশজুৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুত কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাহ বুলি মন্ত্রী ৰায়ে নিজৰ বিবৃতিত লোকসভাত স্পষ্ট কৰি দিয়ে৷ মন কৰিবলগীয়া যে নাগৰিকত্ব সংশোধনী আহনক লৈ পশ্চিমবংগৰ তৃণমূল কংগ্রেছৰ সাংসদ মালা ৰায়ৰ আন এক প্রশ্ণৰ ডত্তৰতো মন্ত্রী নিত্যানন্দ ৰায়ে অনুৰূপ ডত্তৰ প্রদান কৰে৷

You might also like