নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ খেৰিৰ ঘটনাই উত্তৰ প্রদেশত বিশেষ সফলতা নিদিয়ে কংগ্রেছক

নির্বাচন বিশেষজ্ঞ প্রশান্ত কিশোৰৰ সতর্কবাণী

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ নির্বাচন বিশেষজ্ঞ প্রশান্ত কিশোৰে কংগ্রেছ দলত যোগদান কৰিব বুলি বিভিন্ন সময়ত চর্চা চলি আহিছে যদিও শেহতীয়াকৈ দলটোক কিশোৰে সমালোচনা কৰাৰ পিছত বিষয়টোক লৈ সৃষ্টি হৈছে সন্দেহ৷ শতাব্দীপ্রাচীন ৰাজনৈতিক দলটোক সমালোচনা কৰি কিশোৰে কৈছে যে উত্তৰ প্রদেশৰ লখিমপুৰৰ খেৰি অঞ্চলত সংঘটিত সংঘর্ষৰ ঘটনাৰ পিছত কংগ্রেছে বিৰোধীসকলক ঐক্যবদ্ধ কৰি উত্তৰ প্রদেশৰ ৰাজনীতিত পুনৰ শক্তিশালী জীৱন লাভ কৰাৰ সপোন দেখিছে যদিও সেয়া ধূলিসাৎ হ’ব৷

লখিমপুৰৰ খেৰিৰ ঘটনাই কংগ্রেছক ৰাজনৈতিক ক্ষেত্রখনত বিশেষ সফলতা প্রদান নকৰে বুলি ছ’চিয়েল মিডিয়া টুইটাৰত উল্লেখ কৰিছে কিশোৰে৷ স্মর্তব্য যে কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী, দলটোৰ নেতা ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনীতিকে লখিমপুৰৰ খেৰিৰ ঘটনা সন্দর্ভত উত্তৰ প্রদেশ চৰকাৰক সমালোচনা কৰি ৰাজনৈতিক মুনাফা লাভৰ প্রচেষ্টা চলাইছে৷ কিশোৰৰ মতে ইয়াৰ জৰিয়তে দলটোৱে কোনোধৰণৰ সুফল নাপায়৷

You might also like